গুজৰাটৰ মাধৱপুৰ উৎসৱত অসমৰ ২৪০ জনীয়া বৃহৎ দল...

জনবিশ্বাস মতে ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিনীক হৰণ কৰি নি এই মন্দিৰতে আনুষ্ঠানিক ভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল।

author-image
Asomiya Pratidin
New Update
গুজৰাটৰ মাধৱপুৰ উৎসৱত অসমৰ ২৪০ জনীয়া বৃহৎ দল...

ডিজিটেল ডেস্কঃ গুজৰাটৰ মাধৱপুৰ মন্দিৰৰ এক ঐতিহ্য আৰু জনবিশ্বাস আছে। জনবিশ্বাস মতে ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিনীক হৰণ কৰি নি এই মন্দিৰতে আনুষ্ঠানিক ভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল। বিশ্বাস কৰা হয় চ'ত মাহৰ শুক্লা দ্বাদশী তিথিত এই বিয়া অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰা গুজৰাটৰ মাধৱপুৰ মন্দিৰত ৫ দিনীয়াকৈ এক বিবাহ উৎসৱ অনুষ্ঠিত কৰি অহা হৈছে।

Advertisment

'বাৰেট'ৰে আৰম্ভ হোৱা এই উৎসৱ 'বিদায়'ৰে সমাপ্ত হয়। ৰুক্মিনী হৰণ নাটকতো দ্বাৰাকা যাত্ৰাৰ বৰ্ণনা আছে। এইবাৰ ৫ দিনীয়াকৈ অুষ্ঠিত হোৱা মাধৱপুৰ উৎসৱত অসম, অৰুণাচলকে ধৰি আটাইকেইখন ৰাজ্যৰ লোক-কৃ্ষ্টি, হস্তশিল্প, বস্ত্ৰশিল্প প্ৰদৰ্শিত হৈছে।

অসমৰ পৰা এই উৎসৱত যোগ দিছেহৈ ২৪০ জনীয়া এক বৃহৎ শিল্পী দল। গুজৰাটলৈ গৈছে ৰাজ্যৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সম্পাদকৰ লগতে জ্যেষ্ঠ সাংবাদিকৰ এটা দলো। গুজৰাট চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে ৰাজ্য খনলৈ গৈছে এই সাংবাদিকৰ দলটো।গুজৰাটৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰিব এই সাংবাদিকৰ দলটো।

Also Read: পুত্ৰৰ নামত কলংক! হানি-খুচি হত্যা কৰিলে পিতৃ-মাতৃক, কাৰণ...

gujarat