গোৱালপাৰা মহোৎসৱত দহগৰাকী সাংবাদিকক সম্বৰ্ধনা...

গোৱালপাৰা মহোৎসৱত দহগৰাকী সাংবাদিকক সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
গোৱালপাৰা মহোৎসৱত দহগৰাকী সাংবাদিকক সম্বৰ্ধনা...

গোৱালপাৰা মহোৎসৱত দহগৰাকী সাংবাদিকক সম্বৰ্ধনা...

ডিজিটেল সংবাদ গোৱালপাৰা: লোকে লোকাৰণ্য হৈ পৰিছে গোৱালপাৰা চহৰৰ আজাদ নগৰত বুধবাৰৰ পৰা সাতদিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা 'গোৱালপাৰা মহোৎসৱ'। গাৰো,ৰাভা,বড়ো,পমুৱা,বাৰৈ আদি বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি তথা গীত-মাত উপভোগ কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ থলুৱা খাদ্য সম্ভাৰৰ যুটি ল'বলৈ মঙলবাৰে মহোৎসৱথলীত অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

Advertisment

জনমভূমি প্ৰগতি সমাজ আৰু কিংগে'টৰ যুটীয়া উদ্যোগত আয়োজিত মহোৎসৱ মঙলবাৰৰ দ্বিতীয় দিনাৰ বিভিন্ন কাৰ্যসূচীৰ মাজতে সন্ধিয়াৰ সাংস্কৃতিক মঞ্চত 'অসমীয়া প্ৰতিদিন' কাকতৰ সাংবাদিকদ্বয় ক্ৰমে: চুলতান আহমেদ আৰু আব্দুচ চোবাহানকে ধৰি জিলাখনৰ দহগৰাকীকৈ সাংবাদিকক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধিত আন আন সাংবাদিকসকল হ'ল- গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে আব্দুৰ ৰৌফ আৰু উদিত নাৰায়ণ কলিতা, এ এন আইৰ সাংবাদিক জাহিদুল ইছলাম, এন বি নিউজৰ সাংবাদিক মিৰজুল ইছলাম, ভি ডি অ' সাংবাদিক শৰৎ দাস,ডি ৱাই-৩৬৫ৰ সাংবাদিক মনোজ কুমাৰ দাস,জলেশ্বৰ প্ৰেছ ক্লাৱৰ সভাপতি ৰফিকুল ইছলাম শ্বেইখ আৰু অগ্ৰদূত কাকতৰ মাটিয়াস্থ সাংবাদিক ইব্ৰাহিম আলী।

সম্বৰ্ধিত সাংবাদিকসকলে মঞ্চত উপবিষ্ট হৈ চমুকৈ বক্তৃতাও ৰাখে। জ্যেষ্ঠ সাংবাদিক চুলতান আহমেদে নিজৰ চমু ভাষণত কয় যে-'উৎসৱ আৰু মহোৎসৱে কৃষ্টি-সংস্কৃতিক জীপাল কৰি তোলে।কৃষ্টি-সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা এই মহোৎসৱৰ আয়োজক মণ্ডলীসকল প্ৰসংশাৰ পাত্ৰ।'

তেওঁ আৰু কয়-সাম্প্ৰতিক সময়ত সংবাদ পত্ৰ আৰু সাংবাদিকক যিমানে সমালোচনা নকৰক কিয় গণতন্ত্ৰত সংবাদ পত্ৰ আৰু সাংবাদিকৰ প্ৰয়োজন আছে। এনে প্ৰেক্ষাপটত বিশেষকৈ উদীয়মান সাংবাদিকসকলক সম্বৰ্ধনা জনোৱাৰ দৰকাৰ আছে।কিয়নো সম্বৰ্ধনা আৰু সন্মানে এগৰাকী সাংবাদিকক সমাজৰ প্ৰতি অধিক দায়িত্বশীল কৰি তোলে।

সম্বৰ্ধিত উদীয়মান সাংবাদিকসকলক সমাজৰ প্ৰতি অধিক দায়িত্বশীল হৈ সংবাদ সেৱা আগবঢ়াবলৈ আহ্বান জনায় জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। সম্বৰ্ধিত সকলো সাংবাদিকৰ হৈ জিলা সাংবাদিক সন্থাৰ সভাপতি আব্দুৰ ৰৌফ আৰু উদিত নাৰায়ণ কলিতাই গোৱালপাৰা মহোৎসৱৰ আয়োজক জনমভূমি প্ৰগতি সমাজ আৰু কিংগে'টক ধন্যবাদ জ্ঞাপন কৰি শলাগ লয়।

Also Read: হাওৰাঘাটত প্ৰাক্তন ভি ডি চি'ৰ চেয়াৰমেন অমৰ ইংতিৰ মৃত্যুত শোকৰ ছাঁ...

গোৱালপাৰা মহোৎসৱ