পুনৰ বিমান দুৰ্ঘটনাঃ উদ্ধাৰকাৰীয়ে পালে দুই পাইলটৰ জ্বলন্ত মৃতদেহ...

পুনৰ বিমান দুৰ্ঘটনাঃ উদ্ধাৰকাৰীয়ে পালে দুই পাইলটৰ জ্বলন্ত মৃতদেহ...
পুনৰ বিমান দুৰ্ঘটনাঃ উদ্ধাৰকাৰীয়ে পালে দুই পাইলটৰ জ্বলন্ত মৃতদেহ...

ডিজিটেল ডেস্কঃ পুনৰ সংঘটিত হ'ল এক ভয়ংকৰ বিমান দুৰ্ঘটনা। থিতাতে নিহত হ'ল বিমানখনৰ এজন পাইলাট আৰু এজন প্ৰশিক্ষাৰ্থী। শনিবাৰে বিয়লি সংঘটিত হৈছে এই ঘটনা। মধ্যপ্ৰদেশৰ বালাঘাটৰ পাহাৰৰ মাজত সংঘটিত হোৱা এই ঘটনাৰ পাছতে উদ্ধাৰকাৰী দল ৰাওনা হৈছিল যদিও উদ্ধাৰকাৰী গৈ পোৱা লৈকে দুয়োগৰাকী পাইলটৰ মৃত্যু হৈছিল। এগৰাকী পাইলটৰ মৃতদেহ শিলৰ মাজত জ্বলন্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল উদ্ধাৰকাৰী দলে।

ৰাজ্যখনৰ বালাঘাট জিলাৰ লাঞ্জি আৰু কিৰণপুৰৰ মাজৰ ভক্কুটোলা-কোচমাৰা পাহাৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা চাৰ্টাড বিমানখনৰ পাইলটৰ আসনত আছিল প্ৰশিক্ষক মোহিত আৰু প্ৰশিক্ষাৰ্থী হিচাপে আছিল ৰুক্ষংকা ভাৰচুকা । ঘটনা সন্দৰ্ভত বালাঘাটৰ এছ পি সমীৰ সৌৰভে সাংবাদিকৰ আগত কয় যে, এই বিমানখন এখন প্ৰশিক্ষাৰ্থী বিমান আছিল, যিখন মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ বিৰচি এয়াৰষ্ট্ৰিপৰ পৰা উৰা মাৰিছিল।

উৰা মৰাৰ ১৫ মিনিটৰ পিছতে ভূপতিত হয় এই বিমানখন। বিমানখনৰ ধ্বংসাৱশেষ পৰ্বতৰ মাজভাগত প্ৰায় ১০০ ফুট গভীৰ খাদত পোৱা গৈছে। ঘন অৰণ্য আৰু পাহাৰীয়া অঞ্চলৰ বাবে, উদ্ধাৰকাৰী দল আৰু বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হোৱাত সমস্যাৰ সন্মুখীন হয়। দুৰ্ঘটনাস্থলীত উপস্থিত হ'বলৈ তেওঁলোকক প্ৰায় ৭ কিলোমিটাৰ বন আৰু পৰ্বত খোজ কাঢ়িবলগিয়া হয়।

পুনৰ বিমান দুৰ্ঘটনাঃ উদ্ধাৰকাৰীয়ে পালে দুই পাইলটৰ জ্বলন্ত মৃতদেহ...
অজিত ভূঞাৰ সাংসদ পুঁজি কেলংকাৰীত জড়িত ৪ এচিএছ বিষয়াক নিলম্বন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in