/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ec3de4c3-23b9-4df9-a1c1-c6b8077769a6/f.jpg)
অজিত ভূঞাৰ সাংসদ পুঁজি কেলংকাৰীত জড়িত ৪ এচিএছ বিষয়াক নিলম্বন..
ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰী সন্দৰ্ভত ৪ গৰাকী এ চি এছ বিষয়াক নিলম্বন কৰা হৈছে। বৰপেটাত সাংসদগৰাকীৰ সাংসদ পুঁজিৰ পৰা পথ নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ধন।
কিন্তু পথ নিৰ্মাণৰ ৭৫ শতাংশ কাম সম্পূৰ্ণ নহওতেই এই পথ নিৰ্মাণৰ বিলৰ বিপৰীতে মুকলি কৰিদিছিল ধন। এই বিলত স্বাক্ষৰ কৰিছিল ৪ জন এ চি এছ বিষয়াই। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলোৱা তদন্তৰ অন্তত এই কথা পোহৰলৈ আহে।
ফলত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব শৰ্মিষ্ঠা বৰা, কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা, হেমন্ত কুমাৰ দত্ত আৰু তিনিচুকীয়া জিলা পৰিষদৰ চি ই অ' বৰদলৈক নিলম্বন কৰা হয়। ইয়াৰেসাংসদ নিৰ্মাণ পুঁজি সমিতিৰ সভাপতি আছিল কামৰূপৰ অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা।
উল্লেখ্য যে, বৰপেটাৰ ৩ টা পথ নিৰ্মাণ বাবে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা মুঠ ২৮ লাখ টকা আৱণ্টন হৈছিল। বৰপেটা চহৰৰ শ্ৰীকমাৰ পথৰ পৰা হৰেণ দাসৰ ঘৰ সংযোগী পথৰ বাবে ৮ লাখ টকা, ২ নং গলিয়াহাটীৰ চন্দ্ৰকান্ত শৰ্মাৰ ঘৰৰ পৰা বিৰেণ দাসৰ ঘৰলৈ পথটোৰ বাবদ ১০ লাখ টকা আৰু শান্তিনগৰ অঞ্চলৰ অশ্বীনি দাসৰ ঘৰৰ পৰা গোকুল পাঠক পথ সংযোগী উপ-পথৰ বাবে আৱণ্টিত হৈছিল ১০ লাখ টকা।
কিন্তু এই তিনিওটা পথ নিৰ্মাণ নকৰাকৈয়ে পথ নিৰ্মাণৰ ভুৱা বিল দাখিল কৰি আৱণ্টিত ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ তদন্ত কৰি মুখ্যমন্ত্ৰীৰ তদৰাকী কোষে দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লোৱা চাৰিওগৰাকী বিষয়াকে নিলম্বন কৰে।
Also Read: হাতে হাতে তৰোৱাল লৈ ৰাজপথত খালিস্তানৰ সমৰ্থক ! ইণ্টাৰনেত, এছ এম এছ সেৱা কৰ্তন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us