কোভাক্সিন লোৱা ব্যক্তিয়েও ভুগিছে পাৰ্শ্বক্ৰিয়াত !

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গৱেষণাত পোৰহলৈ আহিছে ভয়ংকৰ তথ্য

author-image
Asomiya Pratidin
New Update
কোভাক্সিন লোৱা ব্যক্তিয়েও ভুগিছে পাৰ্শ্বক্ৰিয়াত !

ডিজিটেল ডেস্ক: ক’ভিচিল্ডৰ পাছত এইবাৰ পোহৰলৈ আহিছে কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ এদল গৱেষক ছাত্ৰই বিগত এবছৰ ধৰি চলোৱা এক গৱেষণাত কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে।

Advertisment

এই ভেকচিন গ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত এক তৃতীয়াংশই বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়খনৰ এদল গৱেষক ছাত্ৰই ৯২৬গৰাকী ব্যক্তিৰ ওপৰত চলোৱা গৱেষণাত ইয়াৰ প্ৰায় ৫০ শতাংশ ব্যক্তিয়ে কোভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হোৱাৰ কথা গৱেষণাৰ অন্তত প্ৰকাশ কৰে।

কোভাক্সিন গ্ৰহণ কৰা লোকসকলৰ ভিতৰত একাংশৰ ছালৰ ৰোগ, সাধাৰণ ৰোগ, উশাহ-নিশাহ লোৱাত কষ্ট, স্নায়ুজনিত ৰোগকে ধৰি কেতবোৰ সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰতিবেদনত উল্লেখ কৰে। আনহাতে কিশোৰ-কিশোৰীসকলৰো ৪.৭শতাংশ লোক স্নায়ুজনিত ৰোগৰ সন্মুখীন হোৱাৰ তথ্য গৱেষণাত প্ৰকাশ পায়।

ইয়াৰোপৰি কোভাক্সিন গ্ৰহণ কৰাৰ পাছত ৪.৬শতাংশ মহিলা মাহেকীয়া ঋতুস্ৰাৱজনিত সমস্যাত ভোগাৰ কথাও প্ৰতিবেদনত প্ৰকাশ কৰে।

Also Read: ওৰাঙত অবৈধভাৱে বালি কঢ়িয়াই অনা ডাম্পাৰ জব্দ

Covaxin Banaras Hindu University