/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d7c97224-09b5-4de5-9705-951a6098562c/246.jpg)
ডিজিটেল সংবাদ,ওৰাং : ওৰাঙৰ গাড়োবস্তিত জব্দ কৰা হৈছে দুখন ডাম্পাৰ। জানিব পৰা মতে ধনশ্ৰী নদীৰ পৰা অবৈধভাৱে বালি কঢ়িয়াই অনা অৱস্থাতে মাজবাট আঞ্চলিক বন সংমণ্ডলৰ অভিযানত ডাম্পাৰ দুখন জব্দ কৰা হয়।
ওদালগুৰি জিলাৰ ৰৌতাৰ গাড়োবস্তি, মূল্লাপাৰাৰ ভিতৰ অঞ্চলৰ পথেদি গৈ ধনশ্ৰী নদীৰ পৰা বিনা অনুমতিত চোৰাংভাৱে বালি কঢ়িয়াই আনি থকা অৱস্থাত মাজবাট বনবিভাগে অবৈধ বালি কঢ়িওৱা ডাম্পাৰ জব্দ কৰে গাড়োবস্তিত। জব্দকৃত ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS25FC 4493 আৰু AS01LC 3324।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/943777f2-f7bb-4fa3-83b5-a7938799b5e1/d56d8030-b4e9-45c5-a75c-e4f1ab9edc0c.jpg)
সম্প্ৰতি ডাম্পাৰ দুখন মাজবাট আঞ্চলিক বনবিভাগে মাজবাট আঞ্চলিক কাৰ্য্যলয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছ। মাজবাট আঞ্চলিক বন সংমণ্ডলৰ এই সফলতাত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰে।
Also Read: দেৱলীনা কাণ্ড : স্বামীক ফাঁচীৰ দাবীত সহস্ৰাধিক মহিলাৰ প্ৰতিবাদ