/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/93bb48d3-af54-4f7f-9133-11e5e21cb16c/274.jpg)
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী হিচাপে ৰাইজে পুনৰ নৰেন্দ্ৰ মোডীকেই বিচাৰে। নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এইদৰে মন্তব্য কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে।
তেঁও লগতে কয়- ভোটদানৰ অধিকাৰ এটা অতি পৱিত্ৰ আৰু মূল্যৱান অধিকাৰ। আপোনাৰ এটা ভোটেই দেশৰ বিকাশ কৰিব, দেশক এক মহাশক্তি হোৱাৰ দিশে লৈ যাব। আত্মনিৰ্ভৰশীল হ'ব। সকলোৱে ওলাই আহি ভোট দিব লাগে বুলি মন্তব্য কৰে।
উল্লেখ্য যে দেশত অনুষ্ঠিত হৈছে অষ্টাদশ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটদান পৰ্ব। দেশৰ ৮খন ৰাজ্যৰ ৪৯টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব ।
পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ৰাহুল গান্ধী, ৰাজনাথ সিং,স্মৃতি জুবিন ইৰাণী আদিৰ দৰে হাইপ্ৰফাইল নেতাকে ধৰি ৬৯৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সোমবাৰে পুৱা ৭-০০ বজাৰ পৰা সমষ্টিসমূহত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
Also Read: লোকসভা নিৰ্বাচন : নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দেশৰ ৮ৰাজ্যত ভোটদানৰ হাৰ...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us