ৰাহুল গান্ধীৰ ফোনত নহয়, মনত পেগাছাচ আছে : শিৱৰাজ চৌহান

ৰাহুল গান্ধীৰ ফোনত নহয়, মনত পেগাছাচ আছে : শিৱৰাজ চৌহান

ডিজিটেল ডেস্ক : দেশৰ ৰাজনৈতিক নেতাসকলৰ বোকা ছটিওৱা খেল নতুন নহয় কাৰো বাবে । বিৰোধী দলৰ নেতাক ব্যক্তিগত আক্ৰমণ নকৰাকৈ ৰাজনীতিৰ প্ৰকৃত গণ্ডীৰ মাজত থকাটো যেন অসম্ভৱ হৈ পৰিছে সকলোৰে বাবে । সেইয়া বিজেপিয়েই হওক, কংগ্ৰেছেই হওক অথবা আন কোনো দলেই হওক ।

বিৰোধী দলৰ মুখ্য নেতা ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত মন্তব্য প্ৰদান কৰিছিল যে, তেখেতৰ ফোনত পেগাছাচৰ জৰিয়তে নজৰ ৰখা হৈছিল কাৰ্যকলাপ সমূহত । বিশেষজ্ঞ সকলে হেনো তেখেতক সকিয়াই দিছিল ফোনত বাৰ্তালাপ কৰা সময়ত সাৱধান হ'বলৈ ।

আনহাতে, এই মন্তব্যৰ পাছতেই চৌদিশে চাঞ্চল্যৰ সৃষ্টি হৈছিল । পূৰ্বৰে পৰাই পেগাছাচ ব্যৱহাৰ কৰা বুলি বিতৰ্কৰ বলি হৈছিল বিজেপি । তেনেস্থলত আন্ত:ৰাষ্ট্ৰীয় মঞ্চ এখনত কৰা এই মন্তব্য যথেষ্ট ভয়ংকৰ আছিল বিজেপিৰ বাবে । তাৰ পাছতেই দেশৰ বিজেপি নেতাসকল সৰৱ হৈ পৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে । মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে শনিবাৰে মন্তব্য কৰে যে, "পেগাছাচ ৰাহুল গান্ধীৰ ফোনত নহয় বৰং মনত হে আছে । কেৱল ৰাহুল গান্ধীয়েই নহয় বৰং কংগ্ৰেছৰ সকলোৰে ডি এন এত এতিয়া পেগাছাচ । বিদেশলৈ গৈ ৰাষ্ট্ৰৰ বিৰুদ্ধে মন্তব্য কৰাটো কংগ্ৰেছৰ নতুন অভ্যাসলৈ পৰিণত হৈছে ।"

উল্লেখ্য যে, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অথবা অপবাদ গুৰুতৰ । এই ৰাষ্ট্ৰদ্ৰোহ বৃটিছে সৃষ্টি কৰা শব্দ । বৰ্তমানৰ ৰাষ্ট্ৰদ্ৰোহৰ সংজ্ঞা বেলেগ হোৱা উচিত । চৰকাৰ আৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰা মন্তব্য যে বেলেগ সেইয়া বুজি পোৱা উচিত সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি নেতালৈকে সকলোৱে ।

ৰাহুল গান্ধীৰ ফোনত নহয়, মনত পেগাছাচ আছে : শিৱৰাজ চৌহান
কেৱল মেঘালয়েই নহয় বৰং নাগালেণ্ড, ত্ৰিপুৰাৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in