জঘন্য ঘটনা! ৪ নৰপিশাচে ধৰ্ষণ কৰিলে কিশোৰীক...

নুমলীগড়ৰ কাষৰীয়া বগীজান থানাৰ অন্তৰ্গত ২নং পুৰাজংঘলত জঘন্য ঘটনা। এগৰাকী ১৪ বছৰীয়া কিশোৰী দলবদ্ধ ধৰ্ষণৰ বলি ।
জঘন্য ঘটনা! ৪ নৰপিশাচে ধৰ্ষণ কৰিলে কিশোৰীক...

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ কাষৰীয়া বগীজান থানাৰ অন্তৰ্গত ২নং পুৰাজংঘলত জঘন্য ঘটনা। এগৰাকী ১৪ বছৰীয়া কিশোৰী দলবদ্ধ ধৰ্ষণৰ বলি ।

ঘটনাৰ বিৱৰণী অনুসৰি ১৫ ফেব্ৰুৱাৰীত বালিজান অঞ্চলত থিয়েটাৰ চাবলৈ যাওঁতে চাৰি নৰপিশাচৰ কামনাৰ বলি হয় কিশোৰীগৰাকী। বৃহস্পতিবাৰে ঘটনা পোহৰলৈ অহাৰ পিছতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বগীজান আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে তিনিজনক ।

গ্ৰেপ্তাৰ কৰা তিনিজন ক্ৰমে সৌৰভ গোহাঁই, সন্দেশ্বৰ দাস আৰু জাহিদুল হুছেইন। লগতে ৰফিকুল আলি নামৰ আন এজন অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এক চেপা-উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে । আজি ঘটনাস্থলীত গোলাঘাটৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

জঘন্য ঘটনা! ৪ নৰপিশাচে ধৰ্ষণ কৰিলে কিশোৰীক...
NSCN ৰ ৰোষত বিজেপি নেতা, নগা বিৰোধী মন্তব্যৰ বাবে ভোট নিদিবলৈ আহ্বান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in