দিল্লী অভিমুখী ইণ্ডিগ' বিমানত যাত্ৰীৰ মৃত্যু

দিল্লী মুখী ইণ্ডিগ' বিমানত যাত্ৰীৰ মৃত্যু
দিল্লী মুখী ইণ্ডিগ' বিমানত যাত্ৰীৰ মৃত্যু

ডিজিটেল ডেস্কঃ ইণ্ডিগ'ৰ জবলপুৰ-নতুন দিল্লী বিমানত সংঘটিত হৈছে যাত্ৰী মৃত্যুৰ ঘটনা। জবলপুৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱা বিমানখনে উৰা মৰাৰ পাছতেই এগৰাকী যাত্ৰীৰ মৃত্যু হোৱাত পুনৰ জবলপুৰতেই অৱতৰণ কৰিবলগীয়া হয় বিমানখন।

জানিব পৰা অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয় যাত্ৰীজনে। ইণ্ডিগ'ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি, মৃত যাত্ৰীজনৰ নাম ৰাজেন্দ্ৰ ফ্ৰাঙ্কেলিন। বিমানখন উৰা মৰাৰ লগে লগে এই ঘটনা সংঘটিত হোৱাত ঘটনাটোৰ বিষয়ে অৱগত হৈ তৎপৰতাৰে পুনৰ জবলপুৰতে অৱতৰণ কৰোৱা হয় বিমানখন।

উল্লেখ্য যে, পৰৱৰ্তী পৰ্যায়ত স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আনহাতে ইণ্ডিগ' বিমানত এনে ঘটনা সংঘটিত হোৱা এয়াই প্ৰথম নহয় । কিছুদিন পূৰ্বে মুম্বাইৰ পৰা ৰাঁচীলৈ যোৱা ইণ্ডিগ'ৰ বিমানটো এজন যাত্ৰীৰ মৃত্যু হোৱাত বিমানখনে নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছিল। সেই ঘটনাত ৬২ বছৰীয়া এজন ব্যক্তিয়ে তেজ বমি কৰাৰ কথা প্ৰকাশ পাইছিল সংবাদ মাধ্যমত।

দিল্লী মুখী ইণ্ডিগ' বিমানত যাত্ৰীৰ মৃত্যু
ব্যাপক আয়োজনেৰে মঙলদৈত বিশ্ব সংস্কৃত সন্মিলনঃ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ আয়োজকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in