/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/db45e510-6c2f-4fed-aaef-7719c6c132ea/web_copy.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ উদ্যোগত অহা ডিচেম্বৰ মাহত মঙলদৈত হ'ব লগীয়া বিশ্ব সংস্কৃত সন্মিলনৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক আমন্ত্ৰণ জনোৱা জনালে আয়োজক সমিতিয়ে। ১৮ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনলৈ গৈ লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা বিশ্ব সংস্কৃত সন্মিলনৰ আন্তৰ্জাতিক সভাপতি ড০ সদানন্দ দীক্ষিত আৰু লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ ৰাষ্ট্ৰীয় মহাসচিব তথা বিশ্ব সংস্কৃত সন্মিলনৰ আন্তৰ্জাতিক আহ্বায়ক কুশল কলিতাৰ নেতৃত্বত যোৱা এটি সৰ্বভাৰতীয় দলে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি নিমন্ত্ৰণ জনায়।
আমন্ত্ৰণৰ সময়ত কুশল কলিতাই অসম আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোছা আৰু দৰং তথা দৰঙৰ গৌৰৱ ঐতিহাসিক, মহিমামণ্ডিত খটৰা সত্ৰৰ এখন ফটো তেওঁক উপহাৰ দিয়ে। উল্লেখযোগ্য যে ইতিহাস আৰু বিশ্ব প্ৰসিদ্ধ সংস্কৃত ভাষা প্ৰচাৰ সমিতি, লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত বিশ্ব সংস্কৃত সন্মিলনৰ আয়োজন কৰা হৈছে।
"বিশ্বহিতায় সংস্কৃতম্" এই ধ্যেয়বাক্যৰে অনুষ্ঠিত হ'ব লগীয়া উক্ত সন্মিলনত ১৬খন ৰাষ্ট্ৰ আৰু দেশৰ ২৬খন ৰাজ্যৰ পৰা সহস্ৰাধিক প্ৰতিনিধি উপস্থিত থাকিব । য'ত সংস্কৃত তথা সনাতনী সংস্কৃতিৰ বিভিন্ন বিষয়ত আলোচনা চক্ৰ, প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/200a13db-b77b-4d31-9e14-3b4d39f0a134/47f50de6_5771_457c_8119_3bdc240a9870.jpg)
সাক্ষাৎকালত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰাচীন আৰু গৌৰৱশালী সংস্কৃত ভাষা সন্দৰ্ভত কয় যে- 'ময়ো সংস্কৃত ভাষা নৱম, দশম আৰু একাদশ শ্ৰেণীত পঢ়িছিলো, তাৰ পিছত সুবিধা নাপালো। যিহেতু সেই সময়ত সংস্কৃত শিক্ষকৰ বহু অভাৱ আছিল। এতিয়া পৰস্পৰে পৰস্পৰৰ লগত সংস্কৃত ভাষাত কথা পাতিলেহে সংস্কৃত ভাষাৰ গুৰুত্ব আৰু প্ৰভাৱ বাঢ়িব।'
লগতে তেওঁ আজিকালি বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি প্ৰাপ্তিৰ উদ্দেশ্য লৈহে বিষয়সমূহ পঢ়ে যাৰ বাবে সংস্কৃত অৱহেলিত হৈছে। ফলত সংস্কৃতি, আধ্যাত্মিকতা, দৰ্শন এইবোৰৰ সম্যক জ্ঞানৰ পৰা ছাত্ৰ-ছাত্ৰী বিচ্যুত হোৱাৰ লগতে মূল্যবোধৰ শিক্ষাৰ পৰাও বঞ্চিত হৈছে বুলিও কয়। অসম সন্দৰ্ভত তেওঁ কয় যে, 'অসম বৰ ধুনীয়া ঠাই, মানুহবোৰ সহজ সৰল, অসমৰ বিহু নৃত্য অতি প্ৰসিদ্ধ। বিহু নৃত্য চাই বৰ ভাল লাগে।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/beebdddc-784b-4750-acd4-69ec74d76def/d264c686_ac4e_4298_ba67_06483ee9681b.jpg)
উল্লেখ্য যে, সমিতিৰ অধ্যক্ষ ড০ সদানন্দ দীক্ষিত দেৱৰ পৰা লোকভাষা প্ৰচাৰ সমিতিৰ ৪৫ বছৰীয়া সংস্কৃত প্ৰচাৰৰ কাৰ্যাৱলী শুনি ৰাষ্ট্ৰপতিয়ে অভিনন্দন জনায় আৰু এই ধৰণৰ ৰাষ্ট্ৰ কাৰ্যৰ বাবে সকলোকে প্ৰশংসা কৰে। বিশ্ব সংস্কৃত সন্মিলন ভাৰতৰ পূৱ দিশ অসমত পাতিব লোৱাৰ বাবেও তেওঁ সমিতিক ধন্যবাদ জনায়।
ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎকালত দিল্লী ৰাজ্যশাখাৰ অধ্যক্ষ ড০ শ্ৰীবৎস শাস্ত্ৰী, ৰাজস্থান ৰাজ্যশাখাৰ সভাপতি ড০ নিৰঞ্জন চাহু, ওড়িষ্যা ৰাজ্যশাখাৰ অধ্যক্ষ ড০ বিপিন বিহাৰী শতপথী, উত্তৰ প্ৰদেশ শাখাৰ অধ্যক্ষ ড০ ৰীতা তিৱাৰী, কৰ্ণাটক ৰাজ্যশাখাৰ উপাধ্যক্ষ ড০ বি গোপালাচাৰ্য উপস্থিত আছিল।