সংসদত ভয়ংকৰ ঘটনাঃ অভিযুক্তই এম.ফিল সম্পূৰ্ণ কৰাৰ পাছতো পোৱা নাছিল চাকৰি, মানসিক ভাৱে ভাগি পৰিছিল

সংসদত ভয়ংকৰ ঘটনাঃ  অভিযুক্তই এম.ফিল সম্পূৰ্ণ কৰাৰ পাছতো পোৱা নাছিল চাকৰি, মানসিক ভাৱে ভাগি পৰিছিল

ডিজিটেল ডেস্কঃ বুধবাৰে লোকসভাত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। আৰক্ষীৰ তদন্তত পোহৰলৈ অহা অনুসৰি এই ঘটনা সংঘটিত কৰা অভিযুক্তসকল নিবনুৱা আছিল। যাৰ বাবে মানসিক চাপত আছিল তেওঁলোক।

সংসদৰ বাহিৰত আৰু ভিতৰত ৪ জনে বিৰোধ প্ৰদৰ্শন কৰিছিল। সদনৰ বাহিৰত প্ৰতিবাদ কৰিছিল নিলম আৰু অমোল নামৰ দুজনে। নিলমৰ মাতৃ সৰস্বতীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ ছোৱালীয়ে এম.ফিল সম্পূৰ্ণ কৰিছে। কিন্তু যোগ্য হোৱাৰ পাছতো তাই চাকৰি পোৱা নাছিল। যাৰ বাবে মানসিকভাৱে ভাগি পৰিছিল। নিলম কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত জড়িত নহয় বুলি কয় পৰিয়ালৰলোকে।

আনহাতে সদনৰ ভিতৰত বিৰোধ প্ৰদৰ্শন কৰা মনোৰঞ্জন গৌড়াৰ পিতৃ দেৱৰাজে গৌড়াই কয় যে যদি তেওঁৰ পুত্ৰই কিবা ভুল কৰিছে, তেন্তে তেওঁক "ফাঁচী" দিয়া উচিত। সংসদ আমাৰ। মহাত্মা গান্ধীৰ পৰা জৱাহৰলাল নেহৰুলৈকে, বহুলোকে সেই মন্দিৰটো নিৰ্মাণ কৰিছে। মন্দিৰৰ সৈতে এনে আচৰণ কৰাটো কাৰো বাবে গ্ৰহণযোগ্য নহয়।

সংসদত ভয়ংকৰ ঘটনাঃ  অভিযুক্তই এম.ফিল সম্পূৰ্ণ কৰাৰ পাছতো পোৱা নাছিল চাকৰি, মানসিক ভাৱে ভাগি পৰিছিল
ধনৰ বিনিময়ত বৃদ্ধি ২০০ নম্বৰ পৰ্যন্ত, ফেইল কৰাৰ পাছতো হৈছিল ৰাজপত্ৰিত বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in