ধনৰ বিনিময়ত বৃদ্ধি ২০০ নম্বৰ পৰ্যন্ত, ফেইল কৰাৰ পাছতো হৈছিল ৰাজপত্ৰিত বিষয়া

ধনৰ বিনিময়ত বৃদ্ধি ২০০ নম্বৰ পৰ্যন্ত, ফেইল কৰাৰ পাছতো হৈছিল ৰাজপত্ৰিত বিষয়া

ডিজিটেল ডেস্কঃ এছআইটিয়ে চলাই আছে এপিএছচি কেলেংকাৰীৰ তদন্ত। ইতিমধ্যে কেইবাগৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হোৱাৰ লগতে বহু কেইগৰাকীক নিলম্বন কৰিছে।

বৃহস্পতিবাৰে এছআইটি কাৰ্যালয়ত হাজিৰ হ'বৰ বাবে জাননী জাৰি কৰিছিল দুই ৰাজপত্ৰিত বিষয়াক। এই দুইগৰাকী এ পি এছ নিতুমণি দাস আৰু ঋতুৰাজ দলে। এছআইটিয়ে জাৰি কৰা চমন অনুসৰি পুৱা ১০ বজাৰ আগতে উপস্থিত হ'বলৈ নিৰ্দেশ দিছিল।

দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে নম্বৰ বৃদ্ধিৰ অভিযোগ আছে। নিতুমণি দাস বঙাইগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈ আছিল যদিও ইতিমধ্যে তেওঁক নিলম্বন কৰা হৈছে।

ৰাকেশ পালৰ আশীৰ্বাদত এই দুইগৰাকী হ'ব পাৰিছিল ৰাজপত্ৰিত বিষয়া। জানিব পৰা মতে লিখিত পৰীক্ষাত ইংৰাজীত নিতুমণি দাসে লাভ কৰিছিল ৪৮ নম্বৰ, কিন্তু ৰাকেশ পালৰ কোম্পানীয়ে ইয়াক বঢ়াই ১৪৮ কৰি দিয়ে। ঠিক তেনেদৰে ইড্যুকেশ্যনত লাভ কৰিছিল ৪৯ নম্বৰ আৰু সেয়া বৃদ্ধি কৰি কৰি দিছিল ১৪৯ আৰু ছচিয়লজীত লাভ কৰিছিল ৭০ নম্বৰ আৰু সেয়া ৰাকেশ পালৰ কোম্পানীয়ে বৃদ্ধি কৰি কৰিছিল ১০০ নম্বৰ।

আনহাতে ৰিতুৰাজ দলে গোৱালপাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছে । ৰিতুৰাজ দলেও ধনৰ বিনিময়ত হৈছিল ৰাজপত্ৰিত বিষয়া। ইডুকেশ্যন ২০০ৰ ভিতৰত ৭৯ পাইছিল ৰিতুৰাজ দলে, কিন্তু ৰাকেশ পালৰ কোম্পানীয়ে ধনৰ বিনিময়ত নম্বৰ দিছিল ১২২ । ঠিক তেনেদৰে ইতিহাত পোৱা ১২৭ নম্বৰ বৃদ্ধি কৰি দিছিল ১৪৭ নম্বৰ।

উল্লেখ্য যে, এই কেলেংকাৰী সন্দৰ্ভত ৬ গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। এই কেলেংকাৰীত আৰু বহু লোকৰ নাম সাঙোৰ খোৱাৰ সম্ভাৱণা আছে।

ধনৰ বিনিময়ত বৃদ্ধি ২০০ নম্বৰ পৰ্যন্ত, ফেইল কৰাৰ পাছতো হৈছিল ৰাজপত্ৰিত বিষয়া
তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত ৩ জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in