'তাই মোৰ জীৱনটো নৰক বনাই দিছে' অতি নৃশংসভাৱে হাৰ্দিকে হত্যা কৰিলে...

এটাৰ পাছত আন এটা হত্যাকাণ্ডই জোকাৰি গৈছে দেশ। এইবাৰ মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হোৱা হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

author-image
Asomiya Pratidin
New Update
'তাই মোৰ জীৱনটো নৰক বনাই দিছে'  অতি নৃশংসভাৱে হাৰ্দিকে হত্যা কৰিলে...

ডিজিটেল ডেস্ক: এটাৰ পাছত আন এটা হত্যাকাণ্ডই জোকাৰি গৈছে দেশ। এইবাৰ মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হোৱা হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। এজন লোকে তেওঁৰ পত্নীক অতি নৃশংসভাৱে হত্যা কৰি বিচনাৰ তলত লুকুৱাই থৈছিল।

Advertisment

হাৰ্দিকে হোৱাটছএপ যোগে পত্নীৰ ভনীয়েকৰলৈ মেছেজ প্ৰেৰণ কৰি কৈছিল যে ''মেঘাই আৰু কথা পাতিব নোৱাৰিব কিয়নো মেঘাই মোৰ জীৱন নৰক বনাই দিছিল। সেয়েহে তাইক হত্যা কৰিলো।

বাৰ্তাটোত হাৰ্দিকে লগতে লিখিছিল, "যদি মৃতদেহটো বিচাৰে, মই ঠিকনাটো প্ৰেৰণ কৰিম । মই আৰু জীয়াই থাকিব নিবিচাৰো। সেয়েহে আৰক্ষীয়ে মোক গ্ৰেপ্তাৰ কৰাৰ আগতে মই মৰিম।

তাৰ পাছতেই অভিযুক্তক মধ্য প্ৰদেশৰ নাগদাৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জেৰাৰ সময়ত অভিযুক্তই অপৰাধৰ কথা স্বীকাৰ কৰে।

আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে ধনক লৈ হোৱা বিবাদৰ বাবে অভিযুক্ত হাৰ্দিকে তেওঁৰ পত্নী মেঘাক হত্যা কৰিছিল। ১১ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনা।

হাৰ্দিক আৰু মেঘাই এটা ডেটিং এপৰ জৰিয়তে ইজনে সিজনক লগ পাইছিল। তাৰ পাছত দুয়ো যোৱা বছৰ আগষ্টত বিবাহপাশত আৱদ্ধ হৈছিল।

হাৰ্দিকে কোনো কাম কৰা নাছিল। তেওঁৰ পিতৃ এজন হীৰা ব্যৱসায়ী আৰু তেওঁ প্ৰতি মাহে হাৰ্দিকলৈ ২০,০০০ টকা প্ৰেৰণ কৰিছিল। কিন্তু মেঘাক বিয়া কৰাৰ পিছত তেওঁ টকা পঠোৱা বন্ধ কৰি দিছিল। ।যাৰ বাবে প্ৰায়েই কাজিয়া হৈছিল তেওঁলোকৰ মাজত।

আৰু পঢ়ক: চৰকাৰী গৃহৰ পৰিৱৰ্তে জন প্ৰতিনিধিক লাগে ধন, শাক-পাচলি! বঞ্চিত একাংশ দৰিদ্ৰ পৰিয়াল

crime