
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ বিভিন্ন পঞ্চায়তত চৰকাৰী আঁচনি আৱন্টনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ সীমাহীন। শেহতীয়া ভাৱে খণ্ডটোৰ মধ্য ঢকুৱাখনা পঞ্চায়তলৈ এই ব্যাপক অনিয়ম সম্প্রসাৰিত হোৱাৰ অভিযোগে খণ্ডটোত চৰকাৰী আঁচনিখনৰ নামত বাস্তৱিকতে কি হৈছে তাক জনদৃষ্টিত উন্মোচিত কৰিছে।
উত্থাপিত ৰাজহুৱা অভিযোগ মতে পঞ্চায়তখনৰ ৮ নং ৱাৰ্ডৰ অন্তৰ্গত প্ৰকৃত দৰিদ্ৰ পৰিয়াল সমূহ বঞ্চিত হৈ আহিছে চৰকাৰী বিনামূলীয়া আঁচনিৰ পৰা। বুধবাৰে দুৰ্ভগীয়া ৰাইজে সংবাদ মাধ্যমক জনোৱা মতে প্ৰধান মন্ত্ৰী আৱাস যোজনা , অৰুনোদয় , বি পি এল আই ডি নম্বৰ , অনাময় আঁচনি , সুলভ মূল্যৰ ৰেচন কার্ডকে ধৰি বিভিন্ন জনকল্যান মূলক আঁচনিয়ে সুদীর্ঘ দিন ধৰি স্পৰ্শ কৰিব পৰা নাই শ্ৰমজীৱী দৰিদ্ৰ পৰিয়াল সমূহক।
ৰাইজে অভিযোগ কৰা মতে ৱাৰ্ডটোৰ বহু সংখ্যক পৰিয়ালৰ বি পি এল আই ডি আছে যদিও একাংশ দৰিদ্ৰ পৰিয়ালে লাভ কৰা নাই প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ। এনে দৰিদ্ৰ পৰিয়াল সমূহে এটা চৰকাৰী আঁচনিৰ গৃহ বিচাৰি বহুবাৰ ৱাৰ্ড সদস্য ৰেণুকা দাস ,সভাপতি বিপ্লৱ চমুৱা ,আঞ্চলিক সদস্য দেৱ গগৈ আদি জনপ্ৰতিনিধি সকলক আবেদন কৰিও কোনো সুদত্তৰ লাভ কৰা নাই বছৰ বছৰ ধৰি।
বিপৰীতে এনেবোৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয় স্বজনৰ পকী গৃহ , আৰ্থিক ভাৱে স্বচ্ছল হোৱাৰ স্বত্তেও বক্র পথেৰে চৰকাৰী গৃহ প্ৰদান কৰি প্ৰকৃত দৰিদ্ৰ ৰাইজৰ মুখৰ ভাত কাঢ়ি খাইছে । অভিযোগ অনুসৰি একাংশ দুৰ্নীতি পৰায়ন প্ৰতিনিধিয়ে দৰিদ্ৰ পৰিয়াল সমূহক চৰকাৰী গৃহ প্ৰদানৰ বাবে হাজাৰ বিজাৰ টকা দাবী কৰাৰ সমান্তৰাল ভাৱে ঘৰত থকা শাক পাচলি পৰ্যন্ত যোগান ধৰাৰ দাবী জনায়।
এই ক্ষেত্ৰত এই সকল পঞ্চায়ত প্ৰতিনিধিয়ে ঘৰ দিয়াটো নিশ্চিত কৰিও পৰৱৰ্তী সময়ত কেৱল বিচৰা ধন নিদিয়াৰ বাবেই ঘৰ কৰ্তন কৰে। লগতে এই ঘৰ সমূহ বিত্তবান আত্মীয় স্বজনক প্ৰদান কৰি ভয়ংকৰ বিত্তীয় অনিয়ম সংঘটিত কৰি আহিছে।
যাৰ বাবে দৰিদ্ৰ লোক সকলে উৰুখা পঁজাত দিবা নৈশ অতিবাহিত কৰিব লগীয়া মৰ্মান্তিক পৰিস্থিতিৰ উদ্ভৱ হৈছে। কেৱল সেয়ে নহয় চৰকাৰী বিনামূলীয়া অনাময় আঁচনি , অৰুনোদই আঁচনি আদিৰ পৰাও চক্ৰান্ত মূলক ভাৱে এনেবোৰ অতি দৰিদ্ৰ পৰিয়াল বঞ্চিত হোৱাৰো অভিযোগ তুলে একাংশই।
এই লোক সকলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , বিধায়ক নৱ দলে আৰু খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তলৈ কাতৰ আহ্বান যে, দুৰ্নীতি পথ কৰি প্ৰাপ্য সকলক এনে আঁচনিৰ অধীনলৈ আনে।অৱশ্যে দায়িত্বশীল পক্ষই এই কথা অস্বীকাৰ কৰিছে। গতিকে এই ৰাজহুৱা অভিযোগৰ সত্য সত্যতা নিৰপেক্ষ তদন্তইহে পোহৰলৈ আনিব।
আৰু পঢ়ক: অসমৰ ৯০% মিঞা মুছলমানৰ পূৰ্ব পুৰুষ আছিল হিন্দুঃ শ্বেৰমান আলী