ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাকিস্তানৰ সীমা !

ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাকিস্তানৰ সীমা !

ডিজিটেল ডেস্কঃ ভাৰতীয় ডেকা শচীনৰ প্ৰেমত পৰি নেপাল হৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ৪ সন্তানৰ মাতৃ তথা পাকিস্তানী মহিলা সীমা হেইডৰ। সম্প্ৰতি হেইডৰে ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিব বুলি একাংশ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱেলৰ দল ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াই দলত অন্তৰ্ভূক্তিৰ বাবে নিমন্ত্ৰণ জনাইছিল অবৈধ অনুপ্ৰৱেশকাৰী সীমা হেইডৰক। ইতিমধ্যেই এই নিমন্ত্ৰণী গ্ৰহণ কৰি ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াত যোগদান কৰিছে সীমা হেইডৰে।

বিশেষ সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি সীমা হেইডৰে ইতিমধ্যে ভাৰতীয় বোলছবি  জগততো খোজ পেলাইছে। কিছুদিন পিচতেই দৰ্শকে সীমা হেইডৰক দেখা পাব অভিনেত্ৰীৰ ৰূপত। ইয়াৰোপৰি ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াই নিজৰ দলৰ বেনাৰত সীমা হেইডৰক  নিৰ্বাচনত প্ৰতিদ্বন্বী ৰূপেও আগবঢ়াব বুলি ঘোষণা কৰে।

সীমা হেইডৰক দলটোৰ মহিলা উইংৰ অধ্যক্ষৰূপে নিযুক্তি দিয়া হ'ব বুলি দাবী কৰে ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ বিষয়বৱীয়াসকলে। তদুপৰি তেওঁৰ কথনশৈলীত আকৃষ্ট হৈ তেওঁক দলটোৰ মুখপাত্ৰৰূপে নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰে দলটোৰ একাংশ নেতাই।

ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ কেন্দ্ৰীয় উপ সভাপতি কিশোৰ মাচুমে জনাই যে, সীমা হেইডৰ এগৰাকী পাকিস্তানী মহিলা আৰু তেওঁ বৰ্তমান ভাৰতৰ বাসিন্দা। যদি ভাৰতীয় নিৰাপত্তা সংস্থাই তেওঁক ক্লিন চিট দিয়ে আৰু তেওঁ ভাৰতীয় নাগৰিকত্ব লাভ কৰে তেন্তে তেওঁ নিশ্চয়কৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব।

ইয়াৰ লগতে কিশোৰ মাচুমে কয় যে, বৰ্তমানলৈ সীমা হেইডৰ কোনো অপৰাধত দোষীৰূপে প্ৰমাণিত হোৱা নাই। যদি ভাৰতীয় নিৰাপত্তা সংস্থাই তেওঁক ক্লিন চিট দিয়ে আৰু তেওঁ ভাৰতৰ নাগৰিকত্ব লাভ কৰে তেন্তে তেওঁক ২০২৪ চনত লোকসভা নিৰ্বাচনত ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ প্ৰাৰ্থীৰূপে আগবঢ়োৱা হ'ব।

উল্লেখ্য যে, ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াৰ কেন্দ্ৰীয় অধ্যক্ষ ৰামদাস আঠৱালে ৰাজ্যসভাৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ ৰাজ্যিক মন্ত্ৰী। শেহতীয়াকৈ মণিপুৰ সন্দৰ্ভত ৰামদাসে মন্তব্য আগবঢ়াই কৈছিল যে, মণিপুৰৰ হিংসাত্মক ঘটনাসমূহত সন্ত্ৰাসবাদী সংগঠন জড়িত আছে। ম্যানমাৰ হৈ এই সংগঠনসমূহত মণিপুৰত প্ৰৱেশ কৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে।

ভাৰতৰ ৰাজনীতিত প্ৰৱেশ কৰিব পাকিস্তানৰ সীমা !
শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in