/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6cba4601-d7e2-4230-97bd-9fe3cfbe5f0b/pijush.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : শোণিতপুৰ জিলা দিৱসৰ কাৰ্যসূচী উপলক্ষে উপস্থিত থাকে জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা। শোণিতপুৰ জিলা দিৱস উপলক্ষে বৃহস্পতিবাৰে তেজপুৰৰ বাণ থিয়েটাৰত আয়োজিত মূল অনুষ্ঠানৰ উদ্বোধক হিচাবে মন্ত্ৰীগৰাকী উপস্থিত থাকে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bcbbd59e-aba8-48ed-9572-aa5e6649f84c/07136386_6a17_4ddf_8208_0d2e4a464dd6.jpg)
দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত জিলা দিৱসৰ এই মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই জিলাখনৰ সমূহ ৰাইজ, জিলা প্ৰশাসন আৰু জিলাখনত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলক জিলা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ভাগৱত পুৰাণ আৰু কালিকা পুৰাণৰ কাহিনীৰে সমৃদ্ধ শোণিতপুৰ জিলাখনত থকা ভৈৰৱী মন্দিৰ, মহাভৈৰৱ মন্দিৰ, নাগশংকৰ মন্দিৰ, দ' পৰ্বতীয়া মন্দিৰ আদি মন্দিৰে শোণিতপুৰ জিলাৰ প্ৰাচীন সনাতনী সংস্কৃতিক প্ৰতিনিধিত্ব কৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8d9e86a3-87cf-4dac-af94-fe3554919016/e827a1bd_9c1d_41b4_988e_de3df2c576ab.jpg)
মন্ত্ৰী হাজৰীকাই তেওঁৰ ভাষণত ঊষা-অনিৰুদ্ধৰ প্ৰেম, পৰাক্ৰমী বাণ ৰজা আৰু পুৰাণৰ বিখ্যাত হৰি-হৰৰ যুদ্ধৰ উদ্ধৃতি দিয়ে । অসমৰ সাংস্কৃতিক ৰাজধানী হিচাবে প্ৰখ্যাত তেজপুৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাই অসমৰ সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে বিশ্ব বিশ্ৰুত শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকায়ো তেজপুৰ পৰাই সংগীতৰ ক্ষেত্ৰখনত খোজ পেলাইছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/acc20117-1972-4d43-b712-45211f2b56b0/362694675_817883456459418_6817447671394804062_n.jpg)
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে শোণিতপুৰৰ উন্নয়ন আৰু বিশেষকৈ তেজপুৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুখিনি প্ৰচেষ্টা হাতত লৈ কাৰ্যকৰী আছে বুলি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ইয়াৰ পূৰ্বে জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণকমল তাঁতী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিং আৰু জিলা আয়ুক্তৰ উপস্থিতিত আন এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7b1c5185-087c-4803-9953-637f483eab2b/363358040_817883539792743_6214382533891894554_n.jpg)
এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনত শোণিতপুৰ জিলা প্ৰশাসন, ৰটাৰী ক্লাৱ তেজপুৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ Animal Welfare Club ৰ ব্যৱস্থাপনাত ৰাস্তাৰ পশু বোৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ আয়োজিত ভেকচিন প্ৰদান কেম্পৰ শুভাৰম্ভণি কৰে । ইয়াৰ লগতে বিগত মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰা ভ্ৰাম্যমাণ পশু চিকিৎসেৱা আঁচনিৰ অধীনত শোণিতপুৰ জিলাই লাভ কৰা ৮ খন ভ্ৰাম্যমাণ পশু এম্বুলেনচৰ ৫খনৰ আৰম্ভণি কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4d1b9f07-0ec1-4391-bffd-b06237871ff0/364132012_817883343126096_5694551295211821005_n.jpg)
আনহাতে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু ৰ'টাৰী ক্লাৱৰ সহযোগত পশুসমূহক আশ্ৰয় আৰু চিকিৎসা প্ৰদান কৰিবৰ বাবে বিশ্ববিদ্যায়খনত নিৰ্মিত পশুকল্যাণ আশ্ৰয় গৃহৰো শুভাৰম্ভণি কৰে । উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ Animal Welfare Clubয়ে বিগত বহু বছৰ ধৰি পথত থকা কুকুৰ তথা আন আন পশুৰ সুৰক্ষা তথা চিকিৎসাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6390206b-76ca-4eed-a29b-2974dfb37443/6dfbd81b_890a_4225_8ae2_fa583e66342c.jpg)
মন্ত্ৰীগৰাকীয়ে আজিৰ এই অনুষ্ঠানত ক্লাৱৰ অনন্য প্ৰশংসনীয় সেৱাৰ শলাগ লয় । মন্ত্ৰীগৰাকীয়ে কয়- 'আমাৰ বেছিভাগ মানুহেই পোহনীয়া কুকুৰ-মেকুৰীক আদৰ কৰো যদিও ৰাস্তাৰ পশুবোৰৰ ক্ষেত্ৰত আমি উদাসীন হও । কিন্তু মানৱ জাতি জীয়াই থকাৰ বাবেও প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত সকলো জীৱই ভালদৰে জীয়াই থকাৰ প্ৰয়োজনীয়তা আছে' বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
Also Read: জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বটদ্ৰৱাৰ প্ৰতিভাৱান যুৱকৰ মৃত্যু