Bharat Jodo Yatra: পুনৰ বিতৰ্কত ৰাহুল গান্ধী!

Bharat Jodo Yatra: পুনৰ বিতৰ্কত ৰাহুল গান্ধী!
Bharat Jodo Yatra: পুনৰ বিতৰ্কত ৰাহুল গান্ধী!

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত (Bharat Jodo Yatra) পাকিস্তান জিন্দাবাদ ধ্বনী ! পুনৰ বিতৰ্কত ৰাহুল গান্ধী তথা কংগ্ৰেছ পাৰ্টি। ৰাহুল গান্ধীৰ নেতৃত্ব কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই মধ্য প্ৰদেশত প্ৰৱেশ কৰিছে।

ৰাজ্যখনত ভাৰত জোড়ো যাত্ৰা প্ৰৱেশ কৰাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছে। কিয়নো ৰাহুল গান্ধীৰ নেতৃত্ব হোৱা এই ভাৰত জোড়ো যাত্ৰাত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।

ভাৰত জোড়ো যাত্ৰাৰ মধ্যপ্ৰদেশৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য'ত পাকিস্তান জিন্দাবাক দিয়া বুলি দাবী কৰা হৈছে। আৰু ইয়াৰ পিছতে দেশজুৰি কংগ্ৰেছ আৰু বিজেপিৰ মাজত অভিযোগ-প্ৰতিঅভিযোগৰ ৰাজনীতি তুংগত হৈ পৰিছে।

কংগ্ৰেছে এই ভাইৰেল ভিডিঅ' প্ৰসংগত দাবী কৰিছে এয়া ভুৱা ভিডিঅ'। বিজেপিয়ে হতাশ হৈ কংগ্ৰেছৰ এই যাত্ৰাক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

ইফালে এই ঘটনা সন্দৰ্ভত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, যদি কোনোবাই পাকিস্তান জিন্দাবদ ধ্বনি দিছে তেন্তে তেওঁলোকক ৰেহাই দিয়া নহ'ব। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ শুকুৰবাৰে মধ্য প্ৰদেশত তৃতীয়টো দিন। এই যাত্ৰা বৰ্তমান খাৰগোন জিলাৰ মাজেৰে পাৰ হৈ আগবাঢ়িছে। যাত্ৰাকালত ৰাহুল গান্ধীৰ সংগ দিছে প্ৰিয়ংকা গান্ধী, তেওঁৰ স্বামী ৰবাৰ্ট ভদ্ৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ, দিগ্বিজয় সিঙকে ধৰি বহুতো জ্যেষ্ঠ নেতাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in