Delhi liquor scam: বেকফুটত বিজেপি ! CBI ৰ চাৰ্জশ্বিটত নাম নাই মনীষ চিছোদিয়াৰ...

Delhi liquor scam: বেকফুটত বিজেপি ! CBI ৰ চাৰ্জশ্বিটত নাম নাই মনীষ চিছোদিয়াৰ
Delhi liquor scam: বেকফুটত বিজেপি ! CBI ৰ চাৰ্জশ্বিটত নাম নাই মনীষ চিছোদিয়াৰ

ডিজিটেল ডেস্কঃ আকৌ বেকফুটত বিজেপি ! দিল্লীৰ সুৰা কেলেংকাৰী (Delhi liquor scam) ৰ সন্দৰ্ভত চি বি আইয়ে ৪ মাহ ধৰি দিল্লীৰ বিভিন্ন স্থানত অভিযান চলাইছিল। বাদ পৰি যোৱা নাছিল দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ গৃহও। যাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল তথা আপৰ নেতৃত্বই দাবী কৰিছিল মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰিবলৈ বিজেপিয়ে কৌশল ৰচনা কৰিছে।

কেৱল এয়াই নহয়, মনীষ চিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ ভয়, ভাবুকিৰে বিজেপিত যোগদানৰো হেঁচা দিছে। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে চি বি আইয়ে দাখিল কৰা সুৰা কেলেংকাৰীৰ চাৰ্জশ্বিটত নাম নাই মনীষ চিছোদিয়াৰ।

শুকুৰবাৰে চি বি আইয়ে দিল্লীৰ সুৰা কেলংকাৰীৰ চাৰ্জশ্বিট ৰাউজ এভিনিউ আদালতত দাখিল কৰিছে। জানিব পৰা মতে চি বি আইয়ে গোটেই কেলেংকাৰীৰ তদন্ত কৰি ১০ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ৩০ নৱেম্বৰত গ্ৰহণ কৰিব।

চি বি আইয়ে গোটেই গোচৰটোত মুঠ ৭ জন ব্যক্তিক অভিযুক্ত কৰি চাৰ্জশ্বিট দাখিল কৰিছে। বিজয় নায়াৰ, অভিষেক বইনপল্লী, সমীৰ মমহেন্দ্ৰু, মুত্তাথা গৌতম আৰু অৰুণ আৰ পিল্লাইৰ নাম চাৰ্জশ্বিটত উল্লেখ কৰিছে চি বি আইয়ে।

ইয়াৰ উপৰিও, চি বি আইয়ে দুই আবকাৰী বিষয়া ক্ৰমে আবকাৰী বিভাগৰ উপায়ুক্ত কুলদীপ সিং আৰু আবকাৰী বিভাগৰ সহকাৰী আয়ুক্ত নৰেন্দ্ৰ সিঙৰ বিৰুদ্ধেও চাৰ্জশ্বিট দাখিল কৰিছে। অৱশ্যে চি বি আইয়ে এতিয়াও এই গোচৰৰ সন্দৰ্ভত তদন্ত চলি আছে বুলি উল্লেখ কৰিছে।

গোচৰটোৰ সন্দৰ্ভত চি বি আইয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে এতিয়া অৰবিন্দ কেজৰিৱালে বি জে পিক সমালোচনাৰ লক্ষ্য কৰি লৈছে। কেজৰিৱালে পুনৰবাৰ এই সুৰা কেলেংকাৰীক ভুৱা আখ্যা দিয়াৰ লগতে মনীষ চিছোদিয়াৰ সপক্ষে থিয় দি বিজেপিয়ে মনীষ চিছোদিয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ কথা প্ৰকাশ কৰিছে।

টুইটাৰত কেজৰিৱালে লিখিছে- চি বি আইৰ অভিযোগপত্ৰত মনীষ চিছোদিয়াৰ নাম নাই। গোটেই ঘটনাটো ভুৱা। অভিযানত একো পোৱা নগ'ল। ৮০০ জন বিষয়াই ৪ মাহ ধৰি তদন্তত একো বিচাৰি পোৱা নাছিল। মনীষে শিক্ষা বিপ্লৱৰ জৰিয়তে দেশৰ কোটি কোটি দৰিদ্ৰ শিশুক এক ভাল ভৱিষ্যতৰ বাবে আশা প্ৰদান কৰিছিল। মই দুখিত যে এনে এজন ব্যক্তিক মিছা গোচৰত জড়িত কৰি বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in