৩ বছৰ পাছত স্বদেশলৈ: পাকিস্তানে মুকলি কৰি দিলে ৮০ জন ভাৰতীয় মাছমৰীয়াক

৩ বছৰ পাছত স্বদেশলৈ: পাকিস্তানে মুকলি কৰি দিলে ৮০ জন ভাৰতীয় মাছমৰীয়াক

author-image
Asomiya Pratidin
New Update
৩ বছৰ পাছত স্বদেশলৈ: পাকিস্তানে মুকলি কৰি দিলে ৮০ জন ভাৰতীয় মাছমৰীয়াক

ডিজিটেল ডেস্কঃ মাছ ধৰাৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সীমান্তত গ্ৰেপ্তাৰ হোৱা ৮০ জন মাছমৰীয়াক শুকুৰবাৰে মুকলি কৰি দিয়ে পাকিস্তান চৰকাৰে। ভাৰতীয় সেনাৰ বিষয়াসকলে পঞ্জাৱৰ অমৃতসৰৰ আটাৰী-ৱাঘা সীমান্তত মাছমৰীয়াসকলক আদৰণী জনায়।

Advertisment

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মাছমৰীয়া কেইজনে কয় যে, মাছ ধৰাৰ সময়ত এক দুৰ্ঘটনাত তেওঁলোক সীমান্ত অতিক্ৰম কৰিছিল। ইয়াৰ লগতে পাকিস্তানৰ জেলক বন্দী হৈ থকা আন মাছমৰীয়া সকলকো মুক্তি দিবলৈ তেওঁলোকে আহ্বান জনায়।

এজন মাছমৰীয়াই কয় যে, ধুমুহাৰ বাবে আমি আন্তৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰিছিলো। যোৱা ৩ বছৰ ধৰি আমি পাকিস্তানৰ জেলত বন্দী হৈ আছিলো। আমি ১২ জন আছিলো আৰু সকলো এতিয়া উভতি আহিছে।

লগতে কয় যে, পাকিস্তানৰ কাৰাগাৰত প্ৰায় ১৮৪ জন ভাৰতীয় মাছমৰীয়া আছে। মই কেন্দ্ৰীয় চৰকাৰক তেওঁলোকক ঘূৰাই আনিবলৈ আহ্বান জনাও। তেওঁলোকৰ একাংশ অসুস্থ আৰু বিভিন্ন সমস্যাত ভুগি আছে।

Also Read: পদত্যাগ যুৱ কংগ্রেছৰ কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ৰ, আজি যোগদান কৰিব বিজেপিত

pakistan fisherman