পুনৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত...

পুনৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত...
পুনৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত...

ডিজিটেল ডেস্কঃ আজি পুৱাই পুনৰ এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হ’ল জম্মু-কাশ্মীৰত। ভাৰতীয় সেনাৰ এই হেলিকপ্টাৰখন কিষ্টৱাহ জিলাৰ মাগাৱাহ অঞ্চলত দুৰ্ঘটনাত পতিত হৈছে।

এই দুৰ্ঘটনাত দুজন লোক আহত হৈছে। আহত লোক দুজন সেনাৰ হেলিকপ্টাৰখনৰ ক্ৰুৰ সদস্য। ঘটনাৰ বিৱৰণ অনুসৰি সেনাৰ এই ধ্ৰুৱ হেলিকপ্টাৰখনে পুৱা নিয়মীয়া অনুশীলনত অংশ লৈছিল।

তাৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। সেই সময়ত হেলিকপ্টাৰখনত আছিল ৩ জনকৈ সৈনিক। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে, যোৱা ৭ টা মাহত এয়া হৈছে চুৰ্থখন হেলিকপ্টাৰ দুৰ্ঘটনা। ইয়াৰ পূৰ্বে অৰুণাচলৰ পশ্চিম কামেং, আপাৰ কামেং আৰু টাৱাঙত সংঘটিত হৈছিল ৩ খন হেলিকপ্টাৰ দুৰ্ঘটনা।  

পুনৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত...
সেনা-আৰক্ষীৰ যুটীয়া অভিযানত দুই সন্ত্ৰাসবাদী নিহত...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in