ৰহাত সমূহীয়া বিবাহ সম্পন্ন...

ৰহাত সমূহীয়া বিবাহ সম্পন্ন...

author-image
Asomiya Pratidin
New Update
 ৰহাত সমূহীয়া বিবাহ সম্পন্ন...

ডিজিটেল সংবাদ,ৰহাঃ ৰহাৰ দক্ষিণপাট গাঁৱত সম্পন্ন হ'ল সমূহীয়া বিবাহ। কোলাত কেঁচুৱা লৈ বিয়াত বহিল কইনা। বিবাহ সকলোৰে জীৱনৰ এক স্মৰণীয় দিন। কিন্তু বিয়া পাতিবলৈ উপযুক্ত ধনৰ অভাৱ হোৱা বাবে বহু লোকে সাধাৰণভাৱে কেৱল নিয়ম কৰি বিবাহপাশত আৱদ্ধ হয়। ইয়াৰ বিপৰীতে ৰহাৰ নিকটৱৰ্তী দক্ষিণপাট গাঁৱত বুধবাৰে এক অন্য দেখিবলৈ পোৱা গ'ল।

ৰহাৰ নিকটৱৰ্তী দক্ষিণপাট গাঁৱত বুধবাৰে আনুষ্ঠানিকভাবে ৭ যোৰ দৰা-কইনা বিবাহপাশত আবদ্ধ হয়।দক্ষিণপাট গাঁৱৰ শিৱ দেউৰী সমাজৰ উদ্যােগত এই সমূহীয়া বিবাহ কাৰ্যসূচী অনুষ্ঠিত হয়।শিৱ দেউৰী সমাজৰ উদ্যোগত অঞ্চলটোৰ আৰ্থিকভাৱে দৰিদ্ৰ পৰিয়ালৰ ৭ যোৰ দৰা–কইনাৰ সামাজিকভাৱে বিবাহ সম্পন্ন কৰোৱা হয়।সমূহীয়া বিবাহ উপলক্ষে দক্ষিণপাট বৰনামঘৰৰ প্ৰাংগণত উখল-মাখল পৰিবেশে বিৰাজ কৰে।

Also Read: ঢকুৱাখনাত ৯০ লাখ টকাৰে স্থাপন কৰিব পাৰকুপাইন

marriage news assam marriage raha marriage news