পদ্ম বঁটা ২০২৪ঃ ৫গৰাকীলৈ পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী

পদ্ম বঁটা ২০২৪ঃ ৫গৰাকীলৈ পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী

author-image
Asomiya Pratidin
New Update
পদ্ম বঁটা ২০২৪ঃ ৫গৰাকীলৈ পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী

ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত চৰকাৰে ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ পদ্ম বঁটা। ১৩২ গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় এই সন্মান। ইয়াৰে৫ গৰাকীলৈ পদ্ম বিভূষণ(এগৰাকীক মৰণোত্তৰভাৱে), ১৭ গৰাকীলৈ পদ্মভূষণ (৪ গৰাকীক মৰণোত্তৰভাৱে) আৰু ১১০ গৰাকীলৈ আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৱে এই বঁটাৰ বাবে অনুমোদন জনায়।

Advertisment

অসমৰ ৩গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। অসমৰ পাৰ্বতী বৰুৱালৈ পদ্মশ্রী। ভাৰতৰ প্রথমগৰাকী মহিলা মাউত হিচাপে বিখ্যাত পাৰ্বতী বৰুৱা। সামাজিক কৰ্ম (জীৱ-জন্তু কল্যাণ)ৰ বাবে তেওঁলৈ এই স্বীকৃতি।

অসমৰ সৰ্বেশ্বৰ বসুমতাৰীলৈও পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে। চিৰাঙৰ এগৰাকী আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী। কৃষি ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি।

আনহাতে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে অসমৰ চিপাঝাৰৰ লোকশিল্পী দ্ৰোণ ভূঞালৈ। সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই বঁটা প্ৰদান কৰা হয়।

পদ্ম বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম। কলা, সামাজিক কাম, ৰাজহুৱা বিষয়, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, স্বাস্থ্যক্ষেত্ৰ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদিৰ দৰে বিভিন্ন শাখাত আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী নামৰ তিনিটা শ্ৰেণীত এই বঁটা প্ৰদান কৰা হয়।

Also Read: ভাৰতৰ প্ৰথমগৰাকী 'হাতী মাউত' আৰু কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ 'পদ্ম সন্মান'

padma bhusan padmashri padma vibhushan padma award