Advertisment

ভাৰতৰ প্ৰথমগৰাকী 'হাতী মাউত' আৰু কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ 'পদ্ম সন্মান'

ঘোষণা হ'ল ২০২৪ বৰ্ষৰ পদ্মশ্ৰী বঁটা। অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ প্ৰথমগৰাকী 'হাতী মাউত' আৰু কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ 'পদ্ম সন্মান'

ডিজিটেল ডেস্কঃ ঘোষণা হ'ল ২০২৪ বৰ্ষৰ পদ্মশ্ৰী বঁটা। অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৩৪ গৰাকীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী।

Advertisment

অসমৰ পাৰ্বতী বৰুৱালৈ পদ্মশ্রী সন্মান। ভাৰতৰ প্রথমগৰাকী মহিলা মাউত হিচাপে বিখ্যাত পাৰ্বতী বৰুৱা। সামাজিক কৰ্ম (জীৱ-জন্তু কল্যাণ)ৰ বাবে তেওঁলৈ এই স্বীকৃতি।

হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। ১৪ বছৰ বয়সৰ পৰা তেওঁ এই ক্ষেত্ৰত কাম কৰি আহিছে আৰু বিগত ৪ দশক ধৰি এই ক্ষেত্ৰত চৰকাৰকো সহায় কৰিছে।

আনহাতে অসমৰ সৰ্বেশ্বৰ বসুমতাৰীলৈও পদ্মশ্রী সন্মান আগবঢ়োৱা হৈছে। চিৰাঙৰ এগৰাকী আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী। কৃষি ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি।

Also Read: দুৰাৰোগ্য ৰোগত আক্ৰন্ত আছিল শিশু, গংগাত স্নান কৰালে পিতৃ-মাতৃয়ে

padma shri