/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ac9c2ca2-c86d-49bf-abe3-95242a3179e1/AP_Thumbnail_Padma.jpg)
ডিজিটেল ডেস্ক: দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা হ'ল অন্যতম শ্ৰেষ্ঠ বঁটা। বিভিন্ন শাখাৰ কাম যেনে-কলা, সামাজিক কাম, ৰাজহুৱা বিষয়, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদিৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা সততা ও উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা হয় এই বঁটা।
বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত এক অসামৰিক অলংকাৰ অনুষ্ঠানত এই বছৰৰ বাবে পদ্ম বঁটা প্ৰদান কৰে। ঘোষণা কৰা ১০৬ টা পদ্ম বঁটাৰ ভিতৰত ৬ টা পদ্ম বিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১ টা পদ্মশ্ৰী। মুলায়ম সিং যাদৱ, জাকিৰ হুছেইন, কে এম বিৰলা আৰু সুধা মূৰ্তি এই বছৰ ১০৬ জন পদ্ম বঁটা প্ৰাপ্তকৰ্তাৰ ভিতৰত আছে।
আনহাতে অসমৰ বিশিষ্ট মুখাশিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ বৈষ্ণৱ ড° হেমচন্দ্ৰ গোস্বামীয়েও দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা গ্ৰহণ কৰে 'পদ্মশ্ৰী' সন্মান। উল্লেখ্য যে, বয়ন শিল্পী হেমপ্ৰভা চুতীয়াও লাভ কৰিছে এই বৰ্ষৰ পদ্ম সন্মান।
Also Read: কেবিনেট সিদ্ধান্ত: ২২ মাৰ্চৰ দিনা কি নতুন সিদ্ধান্ত ল'লে চৰকাৰে...