ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত OYO ই খুলিলে ৬৫ খন হোটেল, জানক কিমান হ'ব ৰুমৰ ভাড়া

ৰাম নামেৰে মুখৰিত সমগ্ৰ দেশ। ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। এই কাৰ্যসূচীত দেশ-বিদেশৰ অগনন ভক্তপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰিব।

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত OYO ই খুলিলে ৬৫ খন হোটেল, জানক কিমান হ'ব ৰুমৰ ভাড়া

oyo

ডিজিটেল ডেস্কঃ ৰাম নামেৰে মুখৰিত সমগ্ৰ দেশ। ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। এই কাৰ্যসূচীত দেশ-বিদেশৰ অগনন ভক্তপ্ৰেমী ৰাইজে অংশগ্ৰহণ কৰিব।

Advertisment

ৰাম মন্দিৰৰ প্ৰতি লক্ষ্য ৰাখি বহুতে ব্যৱসায় আৰম্ভ কৰিছে অযোধ্যাত। অনলাইন হোটেল প্লেটফৰ্ম OYO ই অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে ৬৫ খন 'হোম ষ্টে' আৰু হোটেল খুলিছে। কোম্পানীটোৱে বুধবাৰে এই তথ্য প্ৰদান কৰে।

জানিব পৰা মতে ইয়াৰ ভিতৰত ৫১ খন OYO হোম ষ্টে আৰু ১৪ খন হোটেল। ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পিছত দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লোৱা হৈছে।

কোম্পানীটোৱে জনোৱা অনুসৰি এই হোম ষ্টে, হোটেল বোৰৰ ৰুমৰ ভাড়া ১০০০ টকাৰ পৰা আৰম্ভ হ'ব। চলিত বৰ্ষৰ শেষলৈ OYO ই অযোধ্যা, পুৰী, শিৰডী, বাৰাণসী, অমৃতসৰ, তিৰুপতি, হৰিদ্বাৰ, কাটৰা-বৈষ্ণো দেৱী আৰু চাৰ ধাম পথকে ধৰি মুখ্য আধ্যাত্মিক গন্তব্য স্থান সমূহত ৪০০ হোমষ্টে আৰু হোটেল আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে।

Also Read: জামুগুৰিহাটত পথ দুৰ্ঘটনাত বিধস্ত মালবাহী ট্ৰাক

raam mandir ayodhya