বিগত ৫ বছৰত লক্ষাধিক মহিলাক ধৰ্ষণ

বিগত ৫ বছৰত লক্ষাধিক মহিলাক ধৰ্ষণ

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি পাইছে ধৰ্ষণ কাণ্ড। যোৱা ৫ বছৰত গড়ে ভাৰতত দৈনিক ৮৭ গৰাকী মহিলা ধৰ্ষণ কাণ্ডৰ সন্মুখীন হৈছে। বলাৎকাৰৰ ঘটনাৰে ৩বছৰ একেৰাহে শীৰ্ষ স্থান লাভ কৰি আহিছে ৰাজস্থানে।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ বিভাগ (এন চি আৰ বি)ৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এন চি আৰ বিয়ে দাখিল কৰা প্ৰতিবেদন অনুসৰি বিগত ৫ বছৰত দেশত সংঘটিত হৈছে লক্ষাধিক ধৰ্ষণ কাণ্ড।

বিগত ১,৮২৫ দিনত প্ৰায় লক্ষাধিক মহিলাক ধৰ্ষণ কৰা হৈছিল। ২০১৯,২০২০ আৰু ২০২১ চনৰ পৰিসংখ্যা অনুসৰি ধৰ্ষণ কাণ্ডত ৰাজস্থানে শীৰ্ষ স্থান অধিকাৰ কৰিছিল। ইয়াৰোপৰি এন চি আৰ বিয়ে উল্লেখ কৰে যে, ২০২১ চনত দেশত মুঠ ৩১,৬৭৭ টা ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল।

উল্লেখযোগ্য যে মণিপুৰৰ জঘন্য কাণ্ডৰ পিচতে ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ বিভাগে এই তথ্য প্ৰকাশ কৰে। এই প্ৰতিবেদনৰ ফালে লক্ষ্য কৰিলে দেখা যায় দেশত মহিলা কিমান সুৰক্ষিত ! দেশৰ শাসন তথা সমাজ ব্যৱস্থা কি পৰ্যায়ৰ !

বিগত ৫ বছৰত লক্ষাধিক মহিলাক ধৰ্ষণ
ৰিয়ান পৰাগৰ ২৪ বলত ১২ ৰান : বাংলাদেশ 'এ' দলক হৰুৱাই ফাইনেলত ভাৰত 'এ'

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in