দেশত নাই নাৰীৰ সুৰক্ষা! ৩ বছৰত ১৩ লাখতকৈ অধিক মহিলা-কিশোৰী নিৰুদ্দেশ

দেশত প্ৰতিদিনেই বৃদ্ধি কৰিছে নাৰীজনিত অপৰাধমূলক ঘটনা। হত্যা, অপহৰণ ধৰ্ষণ আদিৰ বলি হৈ আহিছে মহিলাসকল।

author-image
Asomiya Pratidin
New Update
দেশত নাই নাৰীৰ সুৰক্ষা! ৩ বছৰত ১৩ লাখতকৈ অধিক মহিলা-কিশোৰী নিৰুদ্দেশ

ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনেই বৃদ্ধি কৰিছে নাৰীজনিত অপৰাধমূলক ঘটনা। হত্যা, অপহৰণ ধৰ্ষণ আদিৰ বলি হৈ আহিছে মহিলাসকল। সমান্তৰালভাৱে বৃদ্ধি পাইছে নিৰুদ্দেশৰ ঘটনাও।

Advertisment

২০১৯ ৰ পৰা ২০২১ চনৰ ভিতৰত দেশত ১৩.১৩ লাখতকৈও অধিক কিশোৰী আৰু মহিলা সন্ধানহীন হৈছে আৰু ইয়াৰে বেছিভাগ মধ্যপ্ৰদেশৰ। দ্বিতীয় স্থানত আছে পশ্চিম বংগ।

যোৱা সপ্তাহত সংসদত উপস্থাপন কৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০১৯ ৰ পৰা ২০২১ চনৰ ভিতৰত সমগ্ৰ দেশত ১৮ বছৰতকৈ ওপৰৰ ১০,৬১,৬৪৮ গৰাকী মহিলা আৰু ১৮ বছৰতকৈ কম বয়সৰ ২,৫১,৪৩০ গৰাকী কিশোৰী নিৰুদ্দেশ হৈছে।এই তথ্য এনচিআৰবিৰ ওপৰত আধাৰিত।

সংসদত জাৰি কৰা তথ্য অনুসৰি, ২০১৯ ৰ পৰা ২০২১ ৰ ভিতৰত মধ্যপ্ৰদেশত ১,৬০,১৮০ গৰাকী মহিলা আৰু ৩৮,২৩৪ গৰাকী কিশোৰী নিৰুদ্দেশ হৈছে। আনহাতে পশ্চিম বংগত প্ৰায় ১,৫৬,৯০৫ গৰাকী মহিলা আৰু ৩৬,৬০৬ গৰাকী কিশোৰী নিৰুদ্দেশ হৈছে।

উৰিষ্যাত তিনি বছৰত ৭০,২২২ গৰাকী মহিলা আৰু ১৬,৬৪৯ গৰাকী কিশোৰী সন্ধানহীন হৈছিল, আনহাতে ছত্তীশগড়ৰ পৰা ৪৯,১১৬ গৰাকী মহিলা আৰু ১০,৮১৭ গৰাকী কিশোৰী সন্ধানহীন হৈছে। ৰাষ্ট্ৰীয় ৰাজধানীত দিল্লীত ২০১৯ ৰ পৰা ২০২১ চনৰ ভিতৰত ৬১,০৫৪ গৰাকী মহিলা আৰু ২২,৯১৯ গৰাকী কিশোৰী সন্ধানহীন হৈছিল, আনহাতে জম্মু-কাশ্মীৰত ৮,৬১৭ গৰাকী মহিলা আৰু ১,১৪৮ গৰাকী কিশোৰী সন্ধানহীন হৈছে।

চৰকাৰে সংসদত এয়াও কৈছে যে মহিলাসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে। ইতিমধ্যে বিভিন্ন আইনো অনা হৈছে যাৰ দ্বাৰা মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰিব পাৰি।

Also Read: জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ মাজুলীত মেধাৱী ছাত্ৰৰ মৃত্যু

madhya pradesh delhi