জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ মাজুলীত মেধাৱী ছাত্ৰৰ মৃত্যু

ৰাহুল পেগু (২০)ৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড়ত হোৱা মৃত্যুক ঘটনাই সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পেলাইছে।

author-image
Asomiya Pratidin
New Update
জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত হৈ মাজুলীত মেধাৱী ছাত্ৰৰ মৃত্যু

ডিজিটেল সংবাদ, মাজুলী: মাজুলী গেজেৰা গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰ ৰাহুল পেগু (২০)ৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ডিব্ৰুগড়ত হোৱা মৃত্যুক ঘটনাই সমগ্ৰ মাজুলীতে শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে, জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত নামনি গেজেৰা গাঁৱৰ যতীন পেগু আৰু শকুন্তলা পেগুৰ একমাত্ৰ পুত্ৰ ৰাহুল পেগু।

Advertisment

ৰাহুলৰ যোৱা ২১ জুলাইৰ পৰা মূৰৰ বিষ আৰু জ্বৰ হোৱাত উজনি মাজুলীৰ ৰতনপুৰ মিৰি ক্ষুদ্ৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰে যদিও চিকিৎসকৰ পৰামৰ্শ অনুসৰি ২৪ জুলাইত ৰাহুলক প্ৰথম অৱস্থাত ঢকুৱাখনাৰ পিছত ধেমাজী চিকিৎসালয়ত চিকিৎসা কৰোৱা হয়। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ ২৫ জুলাইত ৰাহুলক ডিব্ৰুগড় সঞ্জীৱনী হাস্পাতালত ভৰ্তি কৰোৱা হয় ৷

তাতেই চিকিৎসকে ৰাহুল পেগুক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হো‌ৱা বুলি পৰিয়ালক অৱগত কৰে‌। ইয়াৰ পিছতে আই চি ইউত ৰাখি চিকিৎসা কৰি আছিল যদিও ২৭ জলাইৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় মেধাৱী শিক্ষাৰ্থীগৰাকী।

ৰাহুল পেগু ধেমাজি মহাবিদ্যালয়ৰ পঞ্চম সান্মাসিকত অধ্যয়নৰত মেধাবী ছাত্ৰ আছিল। তেওঁ ৬ জুলাইত ধেমাজীৰ পৰা আহি মাজুলীৰ নামনি গেজেৰাৰ গৃহতে থকাৰ সময়তে যোৱা ২১ জুলাইৰ পৰা জ্বৰত আক্ৰান্ত হৈছিল । এই ঘটনাৰ পিছত মাজুলী স্বাস্থ্য বিভাগে ল'ব লগা দায়িত্বহীনতাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Also Read: অসমত এতিয়া কেৱল এজন মানুহৰ হিটলাৰৰাজ চলিছে: অখিল গগৈ

japanese encephalitis