বন্ধ কোঠাত উদ্ধাৰ এবছৰ পূৰ্বে টুকুৰা টুকুৰ কৰি কাটি পেলোৱা মহিলাৰ মৃতদেহ

বন্ধ কোঠাত উদ্ধাৰ এবছৰ পূৰ্বে টুকুৰা টুকুৰ কৰি কাটি পেলোৱা মহিলাৰ মৃতদেহ

ডিজিটেল ডেস্কঃ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডই দেশ জুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নৌযাওতেই উত্তৰ প্ৰদেশ আৰু দিল্লীত অনুৰূপ আন দুটা তেনে হত্যা কাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল।

তাৰ মাজতে আকৌ পোহৰলৈ আহিছে তেনে এক অনুৰূপ ঘটনা। এইবাৰ স্থান অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনম। বিশাখাপত্তনমৰ এটা বন্ধ ভাড়াঘৰত ৰখা ড্ৰামত এগৰাকী মহিলাৰ দেহৰ অংশ পোৱা গৈছে।

আৰক্ষীৰ সন্দেহ অনুসৰি উদ্ধাৰ হোৱা দেহৰ অংশ ড্ৰামটোত এবছৰৰো অধিক সময় ধৰি পৰি আছে। এবছৰ পূৰ্বে টুকুৰা টুকুৰ কৰি কাটি পেলোৱা হৈছিল।

ভাড়াতীয়াই ভাড়া পৰিশোধ নকৰাৰ বাবে বন্ধ ঘৰটোৰ দুৱাৰ ভাঙি গৰাকীয়ে ভাঙি ঘৰটোত প্ৰৱেশ কৰাত এই ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, "২০২১ চনৰ জুন মাহত ভাড়াতীয়াজনে তেওঁৰ পত্নীৰ গৰ্ভধাৰণৰ কথা উল্লেখ কৰি ভাড়া পৰিশোধ নকৰাকৈ ঘৰটো খালী কৰিছিল। কিন্তু ভাড়াতীয়াগৰাকীয়ে তাৰ মাজতে এবাৰ পিছ দুৱাৰেদি এই ঘৰটোত প্ৰৱেশ কৰিছিল।

কিন্তু বিগত এবছৰে ঘৰৰ মালিকক ভাড়া পৰিশোধ নকৰাত মালিকে আজি ভাড়াতীয়াৰ সামগ্ৰী বোৰ আঁতৰাবলৈ তলা ভাঙি বলপূৰ্বক প্ৰৱেশ কৰে। তেতিয়াই মহিলাৰ এই মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ৰ মতে এই মৃতদেহ এবছৰ পুৰণি। এবছৰ পূৰ্বে এই মহিলাগৰাকীক টুকুৰা টুকুৰ কৰি কাটি পেলোৱা হৈছিল। আৰক্ষীৰ সন্দেহ অনুসৰি মৃতদেহটো ভাড়াতীয়াৰ পত্নীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in