/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/621ba58a-2819-4eda-bf15-8b9ed61f6c2e/arpita_5.jpg)
ডিজিটেল ডেস্কঃ এগৰাকী কলেজীয়া ছাত্ৰীক ঘূৰাই বিচাৰি আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কাটৰ অনুৰোধ কৰিছে এগৰাকী মাতৃয়ে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিক অন্তৰ্গত কাকতিবাৰী আৰক্ষী থানা এলেকাৰ অৰ্পিতা গগৈ নামৰ ছাত্ৰীগৰাকী আলফালৈ যোৱাৰ সন্দেহ কৰিছে তেওঁৰ মাতৃয়ে।
কোঁৱৰ গাঁৱৰ অৰ্পিতা গগৈ যোৱা ২৮ নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে ২৮ নৱেম্বৰৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈছিল। তাৰ এদিন পিছত অৰ্পিতাই নিজৰ মাতৃক আলফালৈ যোৱা বুলি হোৱাটছএপৰ জৰিয়তে জনায়। ইয়াৰ পিছতেই অৰ্পিতাৰ আলফা গমনৰ বিষয়টোক লৈ সমগ্ৰ চৰাইদেউ জিলাতে চাঞ্চল্য সৃষ্টি কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/20f11560-6d36-4b42-bdac-daec0470327b/0e9ffb02_0722_4ca1_9955_76cf37ba541e.jpg)
ইফালে অৰ্পিতাই আলফালৈ যোৱা বুলি খবৰ পোৱাৰ পিছতে তেওঁৰ পৰিয়ালে চৰাইদেউ জিলা আৰক্ষীক অৰ্পিতাৰ ঘূৰাই আনিবলৈ আহ্বান জনাইছে। সমান্তৰালকৈ অৰ্পিতাৰ মাতৃ, পিতৃয়ে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক উদ্দেশ্য কৰিও জনাইছে কাতৰ আহ্বান- ঘৰৰ ছোৱালী, ঘৰলৈ পঠিয়াই দিয়ক।
ইফালে অৰ্পিতা গগৈ সন্ধানহীন হৈ থকা সম্পৰ্কে স্থানীয় আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে আৰক্ষীয়ে আকৌ অৰ্পিতা আলফালৈ নহয়, প্ৰেমিকৰ সৈতে পলায় যোৱা বুলিহে দাবী কৰিছে।
ক্লিক কৰি পঢ়কঃ গুজৰাটৰ নিৰ্বাচনৰ ব্যস্ততা শেষ ! ১১ ডিচেম্বৰত গোৱালৈ যাব প্ৰধানমন্ত্ৰী মোডী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us