আমাৰ পূৰ্বপুৰুষসকল ভাৰতৰে,সকলোৰে এটাই পৰিচয় : মোহন ভাগৱত

আমাৰ পূৰ্বপুৰুষসকল ভাৰতৰে,সকলোৰে এটাই পৰিচয় : মোহন ভাগৱত

author-image
Asomiya Pratidin
New Update
আমাৰ পূৰ্বপুৰুষসকল ভাৰতৰে,সকলোৰে এটাই পৰিচয় : মোহন ভাগৱত

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ মুখ্য কাৰ্যায়লত সংঘৰ মুৰব্বী মোহন ভাগৱত। নাগপুৰস্থিত স্বয়ং সেৱক সংঘৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে এক প্ৰশিক্ষণ কাৰ্যসূচীত অংগ্ৰহণ কৰে মুৰব্বীগৰাকীয়ে।

Advertisment

প্ৰশিক্ষণ পৰ্বৰ সামৰণি অনুষ্ঠানত আৰ এছ এছ মুৰব্বীগৰাকীয়ে ভাৰতত বাস কৰা হিন্দু-মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে। ভাৰতবৰ্ষত বাস কৰা আমি সকলোৱে একতাৰ মাজেৰে থাকিব লাগিব। যিসকল মুছলমান দেশৰ বাহিৰৰ পৰা আহি ভাৰতত প্ৰবেশ কৰিছিল সেইসকলক উলিয়াই পঠিওৱা হৈছিল।

আনহাতে যিসকল লোকে বৰ্তমানে দেশত বাস কৰি আছে তেওঁলোক আমাৰ সতে একলগ হৈ আছে। আমি সকলোৱে এক হৈ চলিব লাগিব। অতীতৰ কথা পাহৰি বৰ্তমানত জীয়াই থাকিব লাগিব বুলি উল্লেখ কৰে।

অনুষ্ঠানত তেওঁ লগতে কয় যে, ভাৰতৰ সকলো সম্প্ৰদায়ৰ লোক দেশৰ অংগস্বৰূপ। সকলোৰে এটাই পৰিচয়। সকলোৱে ঐক্যৰ হ'কে কাম কৰি যোৱা উচিত। ধৰ্মভেদে চিন্তা-চেতনাৰ মিল নাথাকিব পাৰে। সেয়া আলোচনা আৰু বুজাবুজিৰ মাজেৰে সম্পন্ন কৰিব লাগিব।

ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে, একপক্ষীয় চিন্তাৰে সম্প্ৰীতি কামনা কৰাটো অসম্ভৱ। ইয়াৰ বাবে লাগিব মূল্যবোধ,সুস্থ চিন্তা-চেতনা। আমাৰ উপাসনাৰ পদ্ধতি বেলেগ হ'ব পাৰে কিন্তু আমি এইটো কথা সদায় মানি চলিব লাগিব যে, আমাৰ পূৰ্বপুৰুষসকল ভাৰতৰে। এয়া আমাৰ সকলোৰে মাতৃভূমি।

এইসমূহ কথা সন্মুখত ৰাখি সকলোৱে এক হৈ অনাগত দিনসমূহত দেশৰ উত্তৰণৰ বাবে আগুৱাই যাব লাগিব বুলি আৰ এছ এছ মুৰব্বী মোহন ভাগৱতে মন্তব্য কৰে।

Also Read: বেংকত চেণ্ডেলৰ শাৰী : ক'ত আৰু কিয়...

mohan bhagwat rss