/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9c60ea76-0d42-4980-92d4-72bd12cdc164/sendel.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : উৎকত গৰমে দহিছে সমগ্ৰ ৰাজ্য। এই গেলা গৰমত পুৱা ৫ বজাৰ পৰা মঙলদৈ ষ্টেট বেংকত মহিলাসকলে পাতিছে দীঘলীয়া শাৰী। গ্ৰাহকসকলে বেংক একাউন্টৰ লগত আধাৰ কাৰ্ড লিংক কৰোৱাবৰ বাবে পুৱাৰ পৰা দীঘলীয়া শাৰী পাতিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c6844bfe-6df1-40e5-9fc6-4f6408242b3f/1c6a02d6_f239_4654_93d4_adb0a36be1e2.jpg)
যিমানে ৰ'দ বাঢ়ি আহে সিমানেই তাকৰ দীঘলীয়া শাৰীৰ। গৰমৰ প্ৰকোপৰ বাবে শাৰীৰ পৰা গ্ৰাহক অন্তৰ্ধান হয়,তাৰ পৰিৱৰ্তে নিৰ্দ্দিষ্ট স্থান চেণ্ডেলে পূৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/48d885e4-a586-4c42-8377-3b3879a1e216/02c0e6e4_a68a_4549_b254_69bd5957bee8.jpg)
বিভাগীয় নিৰ্দেশ অনুযায়ী নিৰ্দিষ্ট দিনৰ আগতে আধাৰ কাৰ্ড-বেংক একাইণ্ট লিংক নকৰালে চৰকাৰী আঁচনিৰ ধন একাউন্টত নোসোমাব। সেয়ে খৰ-খেদা লাগিছে মহিলাসকলৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ca34c2cf-1ca4-4324-8f4b-b7688dd92c72/ba95a976_31a2_43ef_82f2_97d0c05c49e9.jpg)
উল্লেখ্য যে,বেংকৰ নিৰ্দেশনা গুৰুত্ব নিদিয়াৰ বাবেই সম্প্ৰতি বেংক কৰ্তৃপক্ষই এটা নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰাত একেলগে ভিৰ কৰিছে মহিলাসকলে । যিহেতু জেঠ মাহৰ প্ৰখৰ ৰ'দ আৰু তীব্ৰ গৰম সেইবাবে মহিলাসকলে নিজৰ নিজৰ চেণ্ডেলেৰে নিৰ্দিষ্ট ঠাইসমূহ দখল কৰি গছৰ ছাঁত খন্তেক জিৰণি লৈছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মঙলদৈ ষ্টেট বেংকৰ সন্মুখত মহিলা গ্ৰাহকসকলৰ এনে অৱস্থা সঁচাকৈ দুখলগা।
Also Read: চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা আৰু মহকুমা সমিতি গঠন