ৰে'লৱেৰ ভূমিকাত ক্ষুন্ন মমতাঃ দুৰ্ঘটনাত নিহত আৰু আহতলৈ সাহায্য ঘোষণা...

ৰে'লৱেৰ ভূমিকাত ক্ষুন্ন মমতাঃ দুৰ্ঘটনাত নিহত আৰু আহতলৈ সাহায্য ঘোষণা...
ৰে'লৱেৰ ভূমিকাত ক্ষুন্ন মমতাঃ দুৰ্ঘটনাত নিহত আৰু আহতলৈ সাহায্য ঘোষণা...

ডিজিটেল ডেস্কঃ সময় বাগৰাৰ লগে লগে উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তাৰ মাজতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ক্ষোভ প্ৰকাশ কৰি নিহতৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে।

শনিবাৰে ১২-৩৫ বজাত বালাছৰত উপস্থিত হৈ মমতাই ঘটনাস্থলী পৰ্যবেক্ষণ কৰে। বুজ লয় সামগ্ৰীক পৰিস্থিতিৰ। তাৰ পাছতেই তেওঁ নিহতৰ পৰিয়াললৈ ৫ লাখকৈ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। আনহাতে আহতৰ বাবে ঘোষণা কৰে ৫০ হাজাৰকৈ টকা।

ইয়াৰোপৰি তেওঁ বংগৰ যাত্ৰীসকলক স্বৰাজ্যৰ স্বগৃহলৈ উভতি অহাৰ বাবে বাছৰ ব্যৱস্থা কাৰৰো নিৰ্দেশ দিছে। সমান্তৰালকৈ উৰিষ্যা চৰকাৰৰ সৈতে হাতে হাত মিলাই সকলো কৰি যোৱাৰ কথাও প্ৰকাশ কৰিলে।

বালাছৰৰ এই ৰেল দুৰ্ঘটনাক শতিকাৰ সৰ্ববৃহৎ ৰেল দুৰ্ঘটনা আখ্যা দি তেওঁ কয়, মই তিনি বছৰ ৰেল মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিলো। কিন্তু এতিয়া অনুভৱ হৈছে, ৰেল বিভাগৰ নিজৰ মাজতে কোনো সমন্বয় নাই।

কি কাৰণত ইমান ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হল তাৰ তদন্ত কৰা হওক। লগতে তেওঁ আশংকা কৰে, মৃতকৰ সংখ্যা ৫০০ ৰো অধিক হ’ব পাৰে। অৱশ্যে মমতাই ক্ষোভ প্ৰকাশ কৰিলেও পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে বংগ চৰকাৰে ৰেলৱে আৰু সকলো সংশ্লিষ্ট বিভাগকে সকলো ধৰণৰ সহযোগিতা কৰিব।

উল্লেখ্য যে, ৰেল মন্ত্ৰী হিচাপে মমতা বেনাৰ্জীয়ে দায়িত্ব পালন কৰাৰ সময়তো ২০০০ চনত সংঘটিত হৈছিল এক ৰেল দুৰ্ঘটনা। এই ৰেল দুৰ্ঘটনাৰ পাছতে মমতা বেনাৰ্জীয়ে দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছিল যদিও তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

ৰে'লৱেৰ ভূমিকাত ক্ষুন্ন মমতাঃ দুৰ্ঘটনাত নিহত আৰু আহতলৈ সাহায্য ঘোষণা...
AEC ৰ শিক্ষক, কৰ্মৰাচীয়েও নামানে নিয়ম ! মুখ্যমন্ত্ৰীয়ে পাৰিবনে মহাবিদ্যালয়খনক সমস্যা মুক্ত কৰিবলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in