AEC ৰ শিক্ষক, কৰ্মৰাচীয়েও নামানে নিয়ম ! মুখ্যমন্ত্ৰীয়ে পাৰিবনে মহাবিদ্যালয়খনক সমস্যা মুক্ত কৰিবলৈ...

AEC ৰ শিক্ষক, কৰ্মৰাচীয়েও নামানে নিয়ম ! মুখ্যমন্ত্ৰীয়ে পাৰিবনে মহাবিদ্যালয়খনক সমস্যামুক্ত কৰিবলৈ...
AEC ৰ শিক্ষক, কৰ্মৰাচীয়েও নামানে নিয়ম ! মুখ্যমন্ত্ৰীয়ে পাৰিবনে মহাবিদ্যালয়খনক সমস্যামুক্ত কৰিবলৈ...

ডিজিটেল ডেস্কঃ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। কি পৰিস্থিতিত ছাত্ৰসকল শিক্ষানুষ্ঠানখনৰ আৱাসৰ পৰা নিশা বাহিৰলৈ ওলাই যাব পাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে।

উল্লেখযোগ্য যে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আৱাস আৰু চৌহদৰ বাবে ধাৰাবাহিক ভাৱে পূৰ্বৰ অধ্যক্ষ অতুল বৰাই কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক, বৰ্তমানৰ আৱাসী, ছাত্ৰ-অধ্যাপক, কৰ্মচাৰী প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত কৰিছিল এই সন্দৰ্ভত বৈঠক।

হোষ্টেলসমূহত শান্তি, শৃংখলা, নিয়মানুৱৰ্তিতা বৰ্তাই ৰখাৰ বাবে লৈছিল উদ্যোগ। কিন্তু সেই উদ্যোগেই ছাত্ৰ-ছাত্ৰীসকলক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুশাসন মানি চলাবলৈ বাধ্য কৰাবলৈ যথেষ্ট নাছিল।

অসম অভিযামন্ত্ৰিক মহাবিদ্যালয়ৰ এইসমূহ দিশ চোৱাচিতা কৰিবলৈ আছে- কেম্পাচ ছাচটেইনেবিলিটি কমিটী। হোষ্টেলসমূহৰ বাবেও অনুৰূপ কমিটী গঠন কৰি দিয়া হৈছিল।

কিন্তু পৰিতাপৰ কথা যে, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহৰ অধীক্ষকসকলে নিয়মীয়াকৈ ছাত্ৰাবাসমূহত উপস্থিতি পৰীক্ষা নকৰে। যোৱা ২৮ মে'ৰ নিশা দুৰ্ঘটনা সংঘটিত হোৱা দিনাও ছাত্ৰসকলৰ উপস্থিতি নিয়ম অনুসাৰে পৰীক্ষা কৰা নাছিল।

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহৰ অধীক্ষকসমূহৰ এয়া আছিল অন্যতম ভুল। পূৰ্বতে এ ই চিৰ জ্যেষ্ঠ আৰু দায়িত্বশীল অধ্যাপকসকলে ছাত্ৰাবাসমূহৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছিল।

বৰ্তমান প্ৰায়ভাগ অধ্যাপকে তেনে দায়িত্ব লৈ হোষ্টেলসমূহৰ সমীপৱৰ্তী আৱাসত বাস কৰাৰ বিপৰীতে মহাবিদ্যালয়খনৰ চৌহদৰ বাহিৰত হে থাকিব খোজে। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৮৫ গৰাকী নিয়মীয়া শিক্ষক, শিক্ষয়ত্ৰী আছে।

ইয়াৰ মাত্ৰ ২৫ গৰাকীয়েহে বাস কৰে মহাবিদ্যালয়খনৰ চৌহদত। কিন্তু অসম অভিযান্ত্ৰিক মহাবিদ্যালয় যিহেতু এখন আৱাসীক শিক্ষানুষ্ঠান সেয়েহে ইয়াৰ চৌহদতে শিক্ষক, কৰ্মচাৰী, ছাত্ৰ বাস কৰিব লাগে। মহাবিদ্যালয়খনৰ চৌহদৰ ভিতৰত বিৰাজ কৰা পৰিৱেশো ইয়াৰ বাবে দায়ী।

বৰ্তমানৰ মহাবিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক, শিক্ষয়ত্ৰীসকলে পূৰ্বৰ পৰম্পৰা ভংগ কৰি হোষ্টেলৰ ৱাৰ্ডেন তথা আন আন দায়িত্ব পালন কৰিবলৈও আগ্ৰহী নহয়। পত্নী, পৰিয়াল আৰু ব্যক্তিগত সমস্যাৰ দোহাই দি এইসকল শিক্ষকে মহাবিদ্যালয় চৌহদৰ পৰা দূৰত অৱস্থান কৰি আহিছে। পূৰ্বে জ্যেষ্ঠ শিক্ষকসকলে হোষ্টেলৰ ৱাৰ্ডেনৰ দায়িত্ব পালন কৰাৰ লগতে আন আন দিশসমূহৰো দায়িত্ব পালন কৰিছিল।

আনহাতে মহাবিদ্যালয়খনে পূৰ্বৰে পৰা সুৰক্ষা, নিৰাপত্তা, সীমাৰ দেৱালকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। সীমাৰ দেৱাল আৰু মহাবিদ্যালয়ৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে দীৰ্ঘসময়ৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰশাসন তথা চৰকাৰক অৱগত কৰি আহিছে যদিও আজিও কোনো সুফল লাভ কৰা নাই। আজিও মহাবিদ্যালয়খনৰ চাৰিওফালে নাই সীমাৰ দেৱাল।

এইদৰেই অনেক সমস্যাৰে ভাৰাক্ৰান্ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাৰ সন্মুখীন হৈ ৭ জনকৈ ছাত্ৰ নিহত হোৱাৰ পাছতে তদন্ত ঘোষণা কৰাৰ লগতে মহাবিদ্যালয়খনৰ তদানীন্তন অধ্যক্ষ্য অতুল বৰাক বাধ্যতামূলক ছুটি প্ৰদান কৰিছে।

তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈ মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্বত আছে ড০ কল্যান কলিতা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলি থকা তদন্ত প্ৰক্ৰিয়াত হয়তো এই দিশসমূহো উন্মোচিত হ'ব।

হোষ্টেলৰ ৱাৰ্ডেনৰ দায়িত্বত থাকিও সুচাৰুৰূপে দায়িত্ব পালন নকৰা শিক্ষকসকলৰ বিৰুদ্ধে নিশ্চয় গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। দায়িত্ব আৰু কৰ্তব্যত গাফিলতি কৰাসকলৰ বিৰুদ্ধেও একেই ব্যৱস্থা গ্ৰহণ কৰিব।

কিন্তু সমান্তৰালকৈ আৱাসিক অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ সামগ্ৰীক সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। বাৰে বাৰে জিলা উপায়ুক্ত সংশ্লিষ্ট বিভাগলৈ আৱেদন কৰিও, দেৱাল নিৰ্মাণৰ বাবে আৰক্ষীৰ পৰা সুৰক্ষা বিচাৰি আজিও সীমাৰ দেৱাল নিৰ্মাণ কৰিবলৈ সক্ষম নোহোৱা মহাবিদ্যালয়খনৰ এই সমস্যাবোৰ কিদৰে সমাধান কৰে সেই বিষয়েও ৰাইজৰ দৃষ্টি থাকিব।

AEC ৰ শিক্ষক, কৰ্মৰাচীয়েও নামানে নিয়ম ! মুখ্যমন্ত্ৰীয়ে পাৰিবনে মহাবিদ্যালয়খনক সমস্যামুক্ত কৰিবলৈ...
AECৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি ড০ কল্যাণ কলিতাক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in