বিজেপিক পৰাস্ত কৰাৰ ব্লু প্ৰিন্ট! কংগ্ৰেছসহ ১৫ বিৰোধী দলৰ বৈঠক

ইয়াৰ মাজতে শুকুৰবাৰে দেশৰ বিৰোধী দল সমূহে এক বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত অংশ গ্ৰহণ কৰিব কংগ্ৰেছেও।

author-image
Asomiya Pratidin
New Update
বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...

বিপদত ৰাহুল ! নাপালে তাৎক্ষণিক সকাহ...

ডিজিটেল ডেস্কঃ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন সমাগত। ইয়াৰ পূৰ্বে সষ্টম হৈ উঠিছে বিৰোধী দলসমূহ। ইয়াৰ মাজতে শুকুৰবাৰে দেশৰ বিৰোধী দল সমূহে এক বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকত অংশ গ্ৰহণ কৰিব কংগ্ৰেছেও।

Advertisment

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে শুকুৰবাৰে কয় যে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে বিৰোধীপক্ষক একত্ৰিত কৰিবলৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আহ্বান কৰা বৈঠকত অংশ গ্ৰহণ কৰিব। ২০২৪ চনৰ পূৰ্বে শীৰ্ষ বিৰোধী দলসমূহ একত্ৰিত কৰিবৰ বাবে চেষ্টা চলাই আছে দল সমূহে।

বিৰোধী দল সমূহৰ এই বৈঠক অনুষ্ঠিত হব পাটনাত। বেণুগোপালে কয় যে দেশখন ধ্বংস কৰিবলৈ লোৱা শক্তি সমূহৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিয়াৰ সময় আহি পৰিছে।

উল্লেখ্য যে, ১২ জুনত হ'বলগীয়া বৈঠকত প্ৰায় ১৫ টাকৈ বিৰোধী দলে অংশ গ্ৰহণ কৰিব। অৱশ্যে তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাৱে এই বৈঠকত অংশগ্ৰহণ কৰিব নে নাই তাৰ নিশ্চিয়তা নাই। এই বৈঠকৰ মূল লক্ষ্য হ'ল বিৰোধী দল সমূহ একত্ৰিত হোৱা।

Also Read: পুৱাই ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

rahul gandhi congress