/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4abd9dc0-1c35-409f-bdbe-bf6cf3cf36a8/rttttt.jpg)
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পাটনাত কংগ্ৰেছকে ধৰি ১৭ টা বিৰোধী দলৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। য'ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ বাবে সংকল্প লোৱা হৈছিল। পুনৰ বিৰোধী দলসমূহে যুটীয়া ৰণনীতিৰ বিষয়ে আলোচনা কৰিবলৈ বাংগালুৰুত পৰৱৰ্তী বৈঠক আহ্বান কৰাৰ সিদ্ধান্ত লৈছে।
কংগ্ৰেছ নেতা কেচি বেনুগোপালে এই বিষয়ে জনায়। টুইটাৰৰ জৰিয়তে জনাই যে, ''পাটনাত সফল সৰ্ববিৰোধী বৈঠকৰ পিছত আমি ২০২৩ চনৰ ১৭ আৰু ১৮ জুলাইত বাংগালুৰুত পৰৱৰ্তী বৈঠক অনুষ্ঠিত কৰিম''। লগতে কয় যে, "আমি ফেচিষ্ট আৰু অ-গণতান্ত্ৰিক শক্তিক পৰাস্ত কৰিবলৈ আৰু দেশক আগুৱাই নিয়াৰ বাবে অটল সংকল্পৰ সৈতে থিয় দিছো।"
উল্লেখ্য যে, বিজেপিক পৰাস্ত কৰিবলৈ উঠি-পৰি লাগিছে বিৰোধী। পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত একাংশ বিৰোধী দল একলগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। গতিকে বিৰোধী দলে এই নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব পাৰিবনে নাই সেয়া হ'ব লক্ষণীয়।
Also Read: কলিয়াবৰত ৩ খন বাছৰ মাজত সংঘৰ্ষ