কোন হ'ব 'ইণ্ডিয়া'ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী মুম্বাইত ২৮টা বিৰোধী দলৰ বৈঠক...

কোন হ'ব 'ইণ্ডিয়া'ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী মুম্বাইত ২৮টা বিৰোধী দলৰ বৈঠক...

ডিজিটেল ডেস্কঃ বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে উঠি-পৰি লাগিছে বিৰোধী। এখনৰ পাছত আনএখন বৈঠক অনুষ্ঠিত কৰিছে বিৰোধী মৰ্চা ইণ্ডিয়াই। এইবাৰ ইণ্ডিয়াৰ দুদিনীয়া বৈঠক ৩১ আগষ্টত আৰম্ভ হয়। কেইবাটা দলৰ নেতাসকল কালি মুম্বাইত উপস্থিত হোৱাৰ পাছত ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বৈঠক।

আজিৰ বৈঠকত ইয়াত ২৮ টা বিৰোধী দলৰ প্ৰায় ৬৩ জন প্ৰতিনিধিয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মোকাবিলা কৰাৰ পৰিকল্পনা কৰিব।

ইয়াৰ পূৰ্বে মিত্ৰজোঁটৰ নেতাসকলে আগতে পাটনা আৰু বেংগালুৰুত মিলিত হৈছিল। মুম্বাইৰ বৈঠকত তেওঁলোকে ৰণনীতি তৈয়াৰ কৰাৰ লগতে ব্লকটোৰ আনুষ্ঠানিক গাঁথনি চূড়ান্ত কৰিব পাৰে। ইণ্ডিয়া ব্লকে আজি এক সমন্বয় সমিতিও ঘোষণা কৰিব পাৰে। যাৰ বাবে কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গে প্ৰতিটোদলতে এজন নেতাৰ নাম দিবলৈ কৈছে।

মুম্বাইৰ গ্ৰাণ্ট হায়াট হোটেলত অনুষ্ঠিত এই বৈঠকতে ইণ্ডিয়া মৰ্চাৰ ল'গ' নিৰ্ধাৰণৰ পৰা আৰম্ভ কৰি ন্যূনতম উমৈহতীয়া কাৰ্যসূচীৰ ৰূপৰেখা যুগুত, আসন ভাগ-বাটোৱাৰৰ সূত্ৰ নিৰ্ধাৰণ, সমন্বয় কমিটী গঠন আৰু আহ্বায়ক নিয়োগলৈকে ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা তথা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি বিৰোধী শিবিৰৰ ফালৰ পৰা সদৰী কৰা হৈছে।

সূত্ৰ অনুসৰি জানিব পৰা মতে আজিৰ বৈঠক প্ৰচাৰ আৰু ৰেলীৰ পৰিকল্পনা, সামাজিক মাধ্যম পৰিচালনা, তথ্য পৰিচালনা কৰিবলৈ বিভিন্ন গোট নিৰ্মাণ কৰা হ'ব।

উল্লেখ্য যে, যোৱা নিশা উদ্ধৱ থাকৰে গোটে বিৰোধী নেতাসকলৰ সৈতে এক আনুষ্ঠানিক নৈশ ভোজনৰ আয়োজন কৰিছিল। শিৱসেনাৰ উদ্ধৱ থাকৰে আৰু এন চি পিৰ মুৰব্বী শাৰদ পাৱাবে এই বৈঠকে শাসকীয় বিজেপি মৰ্চাক প্রতিহত কৰিবলৈ আৰু ৰাজনৈতিক পৰিবৰ্তন সাধিবলৈ উল্লেখনীয় ভূমিকা ল'ব বুলি মন্তব্য কৰিছে।

বিৰোধী মৰ্চাৰ অন্যতম প্রধান নেতা শাৰদ পাৱাৰ আৰু উদ্ধৱ থাকবেই কালি এখন সংবাদমেল সম্বোধন কৰি ইণ্ডিয়া মৰ্চাৰ তৃতীয়খন বৈঠকে ৰাজনৈতিক ডাঙৰ বাৰ্তা দেশবাসীলৈ দিব বুলি ঘোষণা কৰিছিল।

অৱশ্যে বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হব এতিয়ালৈকে ঘোষণা হোৱা নাই। বিৰোধীয়ে কৈছে যে তেওঁলোকৰ মিত্ৰজোঁটত কেইবাগৰাকীও প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য ব্যক্তি আছে।

কোন হ'ব 'ইণ্ডিয়া'ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী মুম্বাইত ২৮টা বিৰোধী দলৰ বৈঠক...
কলকাতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ তেজপুৰৰ প্ৰতিমা দাসলৈ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in