কলকাতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ তেজপুৰৰ প্ৰতিমা দাসলৈ

চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই সৌন্দৰ্য্য প্ৰতিযোগিতাৰ চুড়ান্ত বিজয়ীৰ খিতাপ তেজপুৰৰ প্ৰতিমা দাসলৈ

author-image
Asomiya Pratidin
New Update
কলকাতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ তেজপুৰৰ প্ৰতিমা দাসলৈ

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ বোৱাৰী প্ৰতিমা দাসে কলিকতাত অনুষ্ঠিত চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই সৌন্দৰ্য্য প্ৰতিযোগীতাত ২০২৩ বৰ্ষৰ চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ তেজপুৰ ডৰিকেল গাঁও নিবাসী তথা বিশিষ্ট ব্যৱসায়ী সঞ্জয় দাসৰ পত্নী প্ৰতিমা দাসে ঘৰুৱা কামকো নেওচি ২০২২ চনৰ পৰা মেকআপৰ লগত জড়িত হৈ নৱ প্ৰজন্মক মেকআপৰ প্ৰশিক্ষণ দি আহিছে।

Advertisment

প্ৰতিমা দাসে বি, এছ, ইভেন্ট প্ৰডাকশ্যচনৰ উদ্যোক্তা তথা যুৱ মডেলাৰ হিচাপে পৰিচিত ৰঙাপাৰাৰ ভাস্কৰ সাহাৰ নেতৃত্বত নিজেই সৌন্দৰ্য্য জগত খনত ভৰি দিলে । সৌন্দৰ্য্যৰ দিশত প্ৰতিমাই ইতিমধ্যে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷

শেহতিয়াকৈ সুদূৰ গুৱাহাটীৰ বিশিষ্ট মডেলিং তথা মিচেচ এমপ্ৰেছ আৰ্থ, মিচেচ কুইন ইউনিভাৰচ, মিচেচ ইণ্ডিয়া হিচাপে পৰিচিত সাগৰিকা ৰয়ে কলিকতাত আঁত ধৰা সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিযোগী সকলক হৰুৱাই সফলতা অৰ্জন কৰা প্ৰতিমা দাসকলৈ গৌৰৱ বোধ কৰিছে ৰাইজে ৷

Also Read: সু-সাহিত্যিক তথা নটসৈনিক মহেন্দ্ৰ বৰঠাকুৰৰ আজি জন্মতিথি