অপাৰেশ্যন অজয়ঃ প্ৰথমখন বিমানত ইজৰাইলৰ পৰা ভাৰতলৈ আহিল ২১২ জন ভাৰতীয়

বৃহস্পতিবাৰৰ পৰা ইজৰাইলত থকা ভাৰতীয়সকলক দেশলৈ অনাৰ বাবে অপাৰেশ্যন অজয় আৰম্ভ কৰিছে ভাৰতে।

author-image
Asomiya Pratidin
New Update
অপাৰেশ্যন অজয়ঃ প্ৰথমখন বিমানত ইজৰাইলৰ পৰা ভাৰতলৈ আহিল  ২১২ জন ভাৰতীয়

ডিজিটেল ডেস্কঃ ভাৰতে আৰম্ভ কৰিছে অপাৰেশ্যন অজয়। বৃহস্পতিবাৰৰ পৰা ইজৰাইলত থকা ভাৰতীয়সকলক দেশলৈ অনাৰ বাবে অপাৰেশ্যন অজয় আৰম্ভ কৰিছে ভাৰতে। যিসকল ভাৰতীয় নাগৰিকে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজ দেশলৈ উভতি আহিব বিচাৰে তেওঁলোকক ঘূৰাই আনিব চৰকাৰে।

Advertisment

ইজৰাইলৰ পৰা ভাৰতলৈ অহা প্ৰথমখন বিমানত ২১২ জন ভাৰতীয় দেশলৈ ঘূৰি আহে। জানিব পৰা মতে ইজৰাইলত কৰ্ম বা শিক্ষাসূত্ৰে প্ৰায় ১৮০০০ ভাৰতীয় লোক আছে। ইয়াৰে বেছিভাগ ছাত্ৰ বুলি জানিব পৰা গৈছে।

মোডী চৰকাৰে ভাৰতীয় সকলক ঘূৰাই অনাৰ খৰচ বহন কৰিছে। ইজৰাইলৰ পৰা প্ৰথম খন বিমান নতুন দিল্লীত অৱতৰণ কৰাৰ সময়ত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ ।

উল্লেখ্য যে, হামাছ-ইজৰাইলৰ যুদ্ধ দিনক দিনে বৃদ্ধি পাইছে। বৰ্তমানলৈকে ২০০০ তকে অধিক লোক এই যুদ্ধত মৃত্যু হোৱাৰ লগতে ৭০০০ ৰো অধিকলোক আহত হৈছে।আকস্মিকভাৱে ৫০০০ ৰকেটেৰে ইজৰাইলক আক্ৰমণ কৰিছিল হামাছে। য'ত প্ৰায় ১২০০ মান লোকৰ মৃত্যু হৈছিল। তাৰ পাছৰ পৰা ইজৰাইল-হামাছৰ মাজত যুদ্ধ অব্যাহত আছে।

Also Read: ১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

Israel war