১৫ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ফটো-সংগ্ৰহ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফটো-সংগ্ৰহ

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যুদ্ধকালীন তৎপৰতা ৷ অহা ১৫ অক্টোবৰত বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি হ’ব পৰ্যটকৰ বাবে ৷ ২০২৩-২৪ পৰ্যটন বৰ্ষৰ পৰ্যটকক আদৰিবলৈ প্ৰস্তোতি চলিছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷

পৰ্যটন বৰ্ষটো সুচাৰুৰূপে পৰিচালিত কৰিবলৈ বিভিন্ন অনুষ্ঠানৰ লগত আলোচনাত মিলিত হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ অৱশ্যে ১৫ অক্টোবৰত কেৱল কহঁৰা আৰু বাগৰি বনাঞ্চলৰ এটা অংশহে মুকলি কৰি দিব কৰ্তৃপক্ষই ৷কাৰণ বানৰ পাছত বতৰৰ প্ৰতিকুল অৱস্থাৰ বাবে সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ অহা নাই ৰাষ্ট্ৰীয় উদ্যানখন ৷

আনহাতে নতুন পৰ্যটন বৰ্ষত কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বিআংলং আৰু কাকচাং জলপ্ৰপাতক পৰ্যটন ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷তদুপৰি কলিয়াভোমোৰাত ৰিভাৰ টুৰিজিমৰ ব্যৱস্থা অন্তৰ্ভুক্ত হ’ব এইবাৰৰ পৰ্যটনত ৷ পৰ্যটকৰ সুবিধাৰ বাবে অনলাইন বুকিঙৰ ব্যৱস্থা কৰাৰ লগতে পৰ্যটন সম্পৰ্কীয় সকলো তথ্য উপলব্ধ হ’ব ৱেবছাইটত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
ফটো-সংগ্ৰহ
যোৱা ৫ বছৰত ১৩.৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছেঃ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in