যুদ্ধ জৰ্জৰ ইজৰাইলত থকা ভাৰতীয়সকলক ঘূৰাই আনিব ভাৰত চৰকাৰে...

ভাৰতে আৰম্ভ কৰিছে অপাৰেশ্যন অজয়। ইজৰাইলত থকা ভাৰতীয়সকলক দেশলৈ অনাৰ বাবে অপাৰেশ্যন অজয় আৰম্ভ কৰিছে ভাৰতে।

author-image
Asomiya Pratidin
New Update
যুদ্ধ জৰ্জৰ ইজৰাইলত থকা ভাৰতীয়সকলক ঘূৰাই আনিব ভাৰত চৰকাৰে...

ডিজিটেল ডেস্কঃ ভাৰতে আৰম্ভ কৰিছে অপাৰেশ্যন অজয়। ইজৰাইলত থকা ভাৰতীয়সকলক দেশলৈ অনাৰ বাবে অপাৰেশ্যন অজয় আৰম্ভ কৰিছে ভাৰতে। যিসকল ভাৰতীয় নাগৰিকে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজ দেশলৈ উভতি আহিব বিচাৰে তেওঁলোকক ঘূৰাই আনিব চৰকাৰে।

Advertisment

বৃহস্পতিবাৰে প্ৰথম দলটোৱে ইজৰাইলৰ পৰা ভাৰতলৈ ৰাওনা হ'ব। ইয়াৰ বাবে বিশেষ চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰিছে চৰকাৰে। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয় শংকৰে কয় যে আমি আমাৰ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইজৰাইলত প্ৰায় ১৮,০০০ ভাৰতীয়লোকে বাস কৰে। চাকৰি আৰু ব্যৱসায় সূত্ৰে এই লোকসকল তাত থাকে। গতিকে যি সকলে নিজ দেশলৈ উভতিব বিচাৰে তেওঁলোকক উভতাই অনা হ'ব।

ইয়াৰ মাজতে ইজৰাইলী ট্ৰেভেল এজেণ্টসকলে ভাৰতীয় সকলক জৰ্ডানৰ ৰাজধানী আম্মানত উপস্থিত হ'বলৈ কৈছে । তেওঁলোকে কৈছে যে, যিসকলে ইজৰাইল এৰিব বিচাৰে তেওঁলোকক জৰ্ডান সীমান্তলৈ সুৰক্ষিতভাৱে তেওঁলোকে লৈ যাব।

উল্লেখ্য যে, হামাছ-ইজৰাইলৰ যুদ্ধ দিনক দিনে বৃদ্ধি পাইছে। বৰ্তমানলৈকে ২০০০ তকে অধিক লোক এই যুদ্ধত মৃত্যু হোৱাৰ লগতে ৭০০০ ৰো অধিকলোক আহত হৈছে।আকস্মিকভাৱে ৫০০০ ৰকেটেৰে ইজৰাইলক আক্ৰমণ কৰিছিল হামাছে। য'ত প্ৰায় ১২০০ মান লোকৰ মৃত্যু হৈছিল। তাৰ পাছৰ পৰা ইজৰাইল-হামাছৰ মাজত যুদ্ধ অব্যাহত আছে।

Also Read: তামুলপুৰত অসম চৰকাৰৰ অৰুণোদয় ২.০ আঁচনিৰ শুভাৰম্ভ

Israel