/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cce0e1fc-5ae1-440b-892c-46ae77953f63/dff.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় ২.০ ৰ অধীনত বৃহস্পতিবাৰে তামুলপুৰ জিলাৰ ৭ হেজাৰ লোকৰ মাজত অৰুণোদয় ২.০ ৰ শুভাৰম্ভ হয় । লগতে হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে অৰুণোদয় ২.০ ৰ কাৰ্ড বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে তামুলপুৰ জিলা প্ৰশাসনে।
তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰে BTR প্ৰধান প্ৰমোদ বড়োই। অনুষ্ঠানত প্ৰমোদ বড়োই আনুষ্ঠানিক ভাৱে আজি অৰুনোদয় পত্ৰ বিতৰণ কৰাৰ লগতে অসম তথা BTR ৰ উন্নয়ন আৰু BTR ক লৈ কৰা পৰিকল্পনা সমূহ বাখ্যা কৰে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে এই আঁচনি খন মানৱতাৰ শ্ৰেষ্ঠ আঁচনি বুলি কৈ পৰবৰ্তী সময়ত আৰু ন ন আঁচনি দিয়া হব বুলি কয় ৷ তামুলপুৰত আজিলৈকে বিশ হেজাৰ হিতাধিকাৰীয়ে পাবলৈ সক্ষম হ’ল অৰুণোদয় আঁচনিৰ ধন ৷
অনুষ্ঠানত স্থানীয় বিধায়ক জলেন দৈমাৰী সহ BTR কেইবাগৰাকী কাৰ্যবাহী সদস্য এম চি এল এ সকল নাগ্ৰীজুলি, গোৰেশ্বৰ আৰু তামুলপুৰ উন্নয়ন খণ্ডৰ হিতাধিকাৰী সকল উপস্থিত থাকে ।