নয়ডাত ২৫, অসম-দিল্লীত ৮০ টকা পিঁয়াজৰ মূল্যঃ অস্বাভাৱিক মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ কি...

নয়ডাত ২৫, অসম-দিল্লীত ৮০ টকা পিঁয়াজৰ মূল্যঃ অস্বাভাৱিক মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ কি...
নয়ডাত ২৫, অসম-দিল্লীত ৮০ টকা পিঁয়াজৰ মূল্যঃ অস্বাভাৱিক মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ কি...

ডিজিটেল ডেস্কঃ পিঁয়াজৰ মূল্যই চেঞ্চুৰীৰ দিশে গতি কৰিছে। পূজাৰ সময়লৈকে খুচুৰা বজাৰত ৪০ টকা দৰত উপলব্ধ প্ৰতি কেজি পিঁয়াজৰ মূল্য এতিয়া ৮০ টকা হৈছেগৈ। ঠায়ে ঠায়ে ৮০ টকাৰো অধিক হৈছে প্ৰতি কেজিৰ মূল্য।

কেৱল অসমতে নহয় দেশৰ আন আন প্ৰান্ততো অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য। ১ নৱেম্বৰ ২০২৩, বুধবাৰে গুৱাহাটীৰ খুচুৰা বজাৰত প্ৰতি কেজি পিঁয়াজৰ মূল্য ৮০ টকা।

অৱশ্যে প্ৰশাসনে মুঠ ১২ স্থানত ৰেহাই মূল্যত পিঁয়াজ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। কিন্তু এই ১২ টা কেন্দ্ৰই গুৱাহাটাবাসীক চাহিদা পূৰণ কৰিব পৰা নাই।

আজিৰ তাৰিখত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো খুচুৰা বজাৰত প্ৰতি কেজি পিঁয়াজৰ মূল্য ৭০ ৰ পৰা ৮০ টকা হৈছে। একেই অৱস্থা মুম্বাইতো। কিন্তু তাৰ মাজতে আশ্চৰ্যজনকভাৱে নয়ডা আৰু গাজিয়াবাদত প্ৰতি কেজি পিঁয়াজৰ মূল্য মাত্ৰ ২৫ টকা।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ২৫ অক্টোবৰত পিঁয়াজৰ প্ৰতি কেজিৰ মূল্য আছিল ৪০ টকা। ২৯ অক্টোবৰত এই মূল্য হয় প্ৰায় দুগুণ। তাৰ মাজতে ৰাজস্থান, উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যবোৰত পিঁয়াজৰ প্ৰতি কিলোগ্ৰামৰ মূল্য এতিয়াও প্ৰায় স্বাভাৱিক অৱস্থাত আছে।

অসমকে ধৰি, দিল্লী, মুম্বাই আদিৰ খুচুৰা বজাৰত পিঁয়াজৰ এই অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিপৰীতে পাইকাৰী বজাৰত অৱশ্যে আকাশলংঘী হোৱা নাই পিঁয়াজৰ মূল্য। পঞ্জাৱত আজিৰ তাৰিখত প্ৰতি কুইণ্টল পিঁয়াজৰ গড়ে মূল্য ৪৫৯৫ টকা।

সেইদৰে দিল্লীত ৫৪০০ টকা, ৰাজস্থানত ৩৩৬৭ টকা, তামিলনাডুত ৬৯০০ টকা, তেলেংগানাত ৫০০০ টকা, উত্তৰ প্ৰদেশত ৩৬৩৩ টকা, পশ্চিমবংগত ৫১১৯ টকা, ত্ৰিপুৰাত ৫৭০০ টকা, বিহাৰত ৪১৬২ টকা আৰু অন্ধ্ৰপ্ৰদেশত ৩০২৭ টকা প্ৰতি কুইণ্টল পিঁয়াজৰ মূল্য।

মাত্ৰ এটা সপ্তাহত পিঁয়াজৰ মূল্য প্ৰায় দুগুণ হোৱাৰ আঁৰৰ কাৰণ কি? পাইকাৰী আৰু খুচুৰা বজাৰত পিঁয়াজৰ মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ হৈছে কিছু ভুৱা অনুমান। এক অসাধু চক্ৰই ইচ্ছাকৃতভাৱে পিঁয়াজৰ নাটনিৰ এক পৰিস্থিতিৰ সূচনা কৰিছে।

জানিব পৰা মতে চৰকাৰী তথ্য অনুসৰিয়েই মহাৰাষ্ট্ৰত এতিয়াও ১৫ ৰ পৰা ২০ লাখ টন পিঁয়াজ মজুত আছে। এই ২০ লাখ টন পিঁয়াজে প্ৰায় এমাহৰ চাহিদা পূৰণ কৰিব। চৰকাৰী সূত্ৰ মতে নতুন খৰিফ উৎপাদন প্ৰত্যাশিত হ্ৰাস বা আগমণ দুসপ্তাহ পলম হৈছে যদিও এয়া মূল্যবৃদ্ধিৰ একমাত্ৰ কাৰণ হ'ব নোৱাৰে। কিয়নো ঘৰুৱা চাহিদা পূৰণৰ বাবে পৰ্যাপ্ত পিঁয়াজ উপলব্ধ আছে। চৰকাৰেও ৫ লাখ টন অতিৰিক্তভাৱে মজুত ৰাখিছে বুলি জানিব পৰা গৈছে।

নয়ডাত ২৫, অসম-দিল্লীত ৮০ টকা পিঁয়াজৰ মূল্যঃ অস্বাভাৱিক মূল্য বৃদ্ধিৰ আঁৰৰ কাৰণ কি...
মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in