যেনে কৰ্ম তেনে ফল : ছাগলীৰ চকু ভক্ষণ কৰি মৃত্যু এজনৰ

যেনে কৰ্ম তেনে ফল : ছাগলীৰ চকু ভক্ষণ কৰি মৃত্যু এজনৰ

author-image
Asomiya Pratidin
New Update
যেনে কৰ্ম তেনে ফল : ছাগলীৰ চকু ভক্ষণ কৰি মৃত্যু এজনৰ

ডিজিটেল ডেস্ক: 'যেনে কৰ্ম তেনে ফল' ! এই প্ৰবচনফাঁকিয়েই যেন সত্য প্ৰমাণিত হ'ল ছত্তিশগড়ৰ এটা ধৰ্মীয় অনুষ্ঠানত। ৰাজ্যখনৰ সুৰযপুৰ নামৰ এখন ঠাইত মঙলবাৰে অনুষ্ঠিত হৈছিল বলি-বিধান তথা ধৰ্মীয় ৰীতি-নীতিৰে এক মাংগলিক অনুষ্ঠান।

Advertisment

এই অনুষ্ঠানত নিয়ম অনুসৰি আন আন সামগ্ৰীৰ লগতে বলি দিয়া হৈছিল ছাগলী। বলি দিয়া ছাগলী ভোগৰ বাবে ৰান্ধনিয়ে ৰান্ধি উপস্থিত ভক্তৰ বাবে খোৱাৰ দিহা কৰিছিল। সকলো ঠিকে চলি আছিল, এনেতে ভোগ গ্ৰহণ কৰা পৰ্বত এগৰাকী ৫০ ঊৰ্ধৰ লোক এজনে ভোগ গ্ৰহণ কৰি থকাৰ অৱস্থাতে তেওঁ অজানিতে বলি দিয়া ছাগলীৰ চকু এটা ভক্ষণ কৰে।

এনে অৱস্থাতে ব্যক্তিজনৰ ডিঙিত ছাগলীৰ চকু লাগি ধৰাত তেওঁ অসুস্থ অনুভৱ কৰে। ব্যক্তিজনৰ এনে অৱস্থা দেখি উপস্থিত ভক্তসকলে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও কিছুসময় জীৱন-মৃত্যুৰে যুঁজি অৱশেষত চিকিৎসকে তেওঁ মৃত ঘোষণা কৰে।

উল্লেখ্য যে উক্ত লোকজনে কিছুদিন পূৰ্বে এটি ছাগলীক চোকা অস্ত্ৰৰে আঘাত কৰিছিল। যাৰফলত ছাগলীটোৰ এটা চকু গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ বিকল হৈ পৰিছিল।

Also Read: দিল্লীত গ্ৰেপ্তাৰ ছদ্মবেশী পৰীক্ষাৰ্থী