দিল্লীত গ্ৰেপ্তাৰ ছদ্মবেশী পৰীক্ষাৰ্থী

দিল্লীত গ্ৰেপ্তাৰ ছদ্মবেশী পৰীক্ষাৰ্থী

ডিজিটেল ডেস্ক: নীট প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ হৈ ছদ্মবেশেৰে আন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ অপৰাধত গ্ৰেপ্তাৰ চিকিৎসা শাস্ত্ৰৰ ছাত্ৰ। এই ঘটনা সংঘটিত হৈছে দিল্লী এইমছত।

জানিব পৰা মতে, সমগ্ৰ দেশতে অনুষ্ঠিত নীট পৰীক্ষাত পৰীক্ষাৰ্থীৰ হৈ শিক্ষানুষ্ঠানখনৰ কেইগৰাকীমান ছাত্ৰই অবৈধভাৱে উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এনে কাণ্ড সংঘটিত কৰাৰ পিচত ধৃত ছাত্ৰকেইজনৰ নেতৃত্ব লোৱা নৰেশ বিষ্ণই নামৰ ছাত্ৰগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত নৰেশে এগৰাকী পৰীক্ষাৰ্থী ৰূপত ছদ্মবেশ ধৰি উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। আনহাতে তেওঁৰ সৈতে আনকেইবাগৰাকী ছাত্ৰই ছদ্মবেশেৰে উক্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই কথা পোহৰলৈ অহাৰ লগে লগে ধৃত নৰেশসহ ৪গৰাকী ছদ্মবেশী পৰীক্ষাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি উক্ত ঘটনাৰ লগত জড়িত আনকেইগৰাকী ছাত্ৰকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ'ব। ইতিমধ্যে আৰক্ষীয়ে উক্ত ছাত্ৰকেইজনৰ পৰা ম'বাইল,লেপটপ ইত্যাদি জব্দ কৰিছে।

দিল্লীত গ্ৰেপ্তাৰ ছদ্মবেশী পৰীক্ষাৰ্থী
বিশ্বনাথত চাৰিলেনযুক্ত পথৰ ক্ৰছিঙ নিৰ্মাণৰ নামত এন এইচ আই ডি চি এলে পাতিছে মৰণফাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in