/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8275bdda-fbe1-4447-94bc-4365008ef3cc/AP_FOR_WEB_q11213.jpg)
বেলুন বিক্ৰী কৰা এটা কোম্পানীৰ ১৬ হাজাৰ কোটি টকাৰ সম্পত্তি ! বিৰাট, শচীন, ৰোহিত, যাৰ ব্ৰেণ্ড এম্বেচেদৰ
ডিজিটেল ডেস্কঃ বেলুন বিক্ৰীৰে গঢ়ি তুলিলে ১৬ হাজাৰ কোটি টকাৰ কোম্পানী। শুনি আচৰিত যেন লাগিলেও সেয়াই সত্য। বৰ্তমান এই কোম্পানীৰ সৈতে জড়িত হৈ পৰিছে বিৰাট কোহলি, শচীন তেণ্ডুলকাৰ, ৰোহিত শৰ্মা, ব্ৰায়ান লাৰা, গৌতম গম্ভীৰ, শিখৰ ধাৱান, এ বি ডিভিলিয়ৰ্ছ, গৌতম গম্ভীৰ , শিখৰ ধাৱান, পৃথ্বী শ্ব, সঞ্জু চেমছন আদিৰ দৰে ক্ৰিকেটাৰ।
কোম্পানীটোৰ সৈতে জড়িত হৈ আছে বলিউডৰো কেইবাগৰাকী তাৰকা। দেশৰ লগতে বিদেশতো জনপ্ৰিয় হৈ পৰা এই কোম্পানীটোৰ নাম এম আৰ এফ। যাৰ সম্পূৰ্ণ নাম মাদ্ৰাজ ৰবৰ ফেক্টৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/93d582f1-80f5-4a63-ae3f-291a17e394e8/download.png)
তামিলনাডুৰ চেন্নাইত পোন প্ৰথমবাৰৰ বাবে কে.এম. মাম্মেন মাপিলাই স্থাপন কৰা এই কোম্পানীটোৱে এতিয়া টায়াৰৰ উপৰিও টিউব, কনভেয়াৰ বেল্ট, পেইণ্ট আৰু অন্যান্য সামগ্ৰী নিৰ্মাণ কৰি আহিছে। এই এম আৰ এফ কোম্পানী প্ৰথম অৱস্থাত আছিল এটা বেলুন নিৰ্মাণ কৰা কোম্পানীহে।
১৯৪৬ চনত বেলুন নিৰ্মাণৰ কাৰখানা হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল এম আৰ এফক। ইয়াৰ পিছত ১৯৫২ ত এই কোম্পানীটোৱে বাণিজ্যিক ৰবৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। অৱশ্যে কোম্পানীটোৰ আৰম্ভণিতে নাম এম আৰ এফ নাছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/32303e03-8698-49ef-be55-d9b24f1bb948/download.jpg)
১৯৫২ ৰ পৰা ৰবৰ প্ৰস্ততৰ কাম আৰম্ভ কৰা কোম্পানীটোৱে পৰৱৰ্তী সময়ত ১৯৬০ ত টায়াৰ নিৰ্মাণত অসুবিধাৰ সন্মুখীন হোৱাত এই কোম্পানীটোক মাদ্ৰাজ ৰবৰ ফেক্টৰী লিমিটেড নামেৰে নামাকৰণ কৰে আৰু আমেৰিকাৰ মেঞ্চফিল্ড টায়াৰ এণ্ড ৰবৰ কোম্পানীৰ সৈতে হাত মিলাই।
ইয়াৰ পৰৱৰ্তী সময়ত ১৯৬১ চনৰ ১ এপ্ৰিলত কোম্পানীটোৱে ৰপ্তানিৰ ওপৰত গুৰুত্ব দিবলৈ লেবাননৰ বেইৰুটত এটা কাৰ্যালয় মুকলি কৰে। ইয়াৰ পিছত ১৯৬৭ ত কোম্পানীটোৱে আমেৰিকালৈ টায়াৰ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/34bae22c-fe1b-4adb-ac40-ecbe028132c7/hqdefault.jpg)
৬০ ৰ দশকত এই কোম্পানীটো বিশ্বৰ বজাৰত প্ৰতিষ্ঠিত হৈ পৰে। জনসাধাৰণেও এই কোম্পানীটোক আদৰি লয়। এম আৰ এফে ১৯৭৩ ত প্ৰথমবাৰৰ বাবে নাইলনৰ টায়ৰ উৎপাদনৰ কাম আৰম্ভ কৰে।
১৯৭৮ ত নতুন প্ৰযুক্তিৰ সৈতে একাত্ম হ'বলৈ বি এফ গুডৰিচৰ সৈতে একত্ৰিত হয়। এই সময়লৈকে এম আৰ এফৰ বাণিজ্যই ইমানেই সফলতা লাভ কৰিলে যে আমেৰিকান কোম্পানী মেঞ্চফিল্ড টায়াৰ আৰু ৰবৰ কোম্পানী অধিগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/800aea94-bfde-43f7-92a0-f1c867c91afc/1475087647_0298.avif)
ফলত মেঞ্চফিল্ড এম আৰ এফত বিলীন হয়। ইয়াৰ পিছত এম আৰ এফ টায়াৰ কোম্পানীসমূহৰ মাজত অপ্ৰতিদ্বন্দি হৈ পৰে। সময়ৰ লগে লগে এই কোম্পানীটোৱে টায়াৰৰ উপৰিও পেইণ্ট আৰু এলিভেটৰ বেল্ট নিৰ্মাণত হাত দিয়ে।
বৰ্তমান কোম্পানীটোৰ ভাৰতত ১০ টা কাৰখানা আছে। ইয়াৰে চাৰিটা আছে তামিলনাডুত, দুটা তেলেংগানা আৰু কেৰালা, গোৱা, পুডুচেৰী আৰু গুজৰাটত এটাকৈ কাৰখানা আছে।
Also Read: সাৱধানঃ গৰমৰ প্ৰকোপত স্তব্ধ হ'ব জনজীৱন !