/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/824b2324-3768-4109-9caa-e7644530e1ce/68c41159_26e2_4a1f_9ddd_440a03c797ef.jpg)
সাৱধানঃ গৰমৰ প্ৰকোপত স্তব্ধ হ'ব জনজীৱন !
ডিজিটেল ডেস্কঃ বিগত প্ৰায় এটা সপ্তাহে অসমত ঠায়ে ঠায়ে বৃষ্টিপাত হোৱাৰ সমান্তৰালকৈ দেশৰ আন প্ৰান্তৰ তুলনাত উষ্ণতা হ্ৰাস হৈ আছে। দিনৰ ভাগত কিছু গৰম হ'লেও নিশা শীতৰ প্ৰভাৱ হ্ৰাস হোৱা নাই।
কিন্তু দেশৰ আন প্ৰান্তত শীত প্ৰবাহৰ ইতিমধ্যে অন্ত পৰাৰ বিপৰীতে আৰম্ভ হৈছে গ্ৰীষ্মৰ প্ৰবাহ। পূৰ্বৰ তুলনাত এইবাৰ ফেব্ৰুৱাৰীৰ উষ্ণতা বহু বৃদ্ধি পাইছে।
ব্লুমবাৰ্গে ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা এক তথ্যৰ উদ্ধৃতিৰে এক প্ৰতিবেদনত কৈছে যে, ২০২৩ ৰ ফেব্ৰুৱাৰীৰ তাপমাত্ৰা ১৯০১ চনৰ পাছত সৰ্বাধিক হৈছে। যি অতি চিন্তাৰ বিষয় হৈ পৰিছে।
আশংকা অনুসৰি বিগত বছৰৰ অভিলেখ সংখ্যক তাপ প্ৰবাহৰ ৰেকৰ্ড ভংগ হ'ব ২০২৩ ত। যাৰ বাবে কৃষিখণ্ডত যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱাৰ আংশকা প্ৰকাশ কৰা হৈছে।
উল্লেখ্য যে, বিগত বছৰ তাপমাত্ৰা ৫০ ডিগ্ৰী চেলচিয়াছ (১২২ ফাৰেনহাইট)ত উপনীত হৈছিল। প্ৰতিবেদন অনুসৰি, ভাৰতত ক্ৰমান্বয়ে বৰ্ধিত জনসংখ্যাৰ বাবে গ্ৰীষ্মৰ সময়ছোৱাত তাপ প্ৰবাহ অধিক অসহনীয় হৈ পৰিছে।
আনহাতে বিশ্ব বেংকৰ আন এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি আগন্তুক সময়ত চলি থকা তাপ প্ৰবাহৰ ফলত ভাৰতৰ পৰিস্থিতি অধিক অৱনতি হ'ব। আশংকা কৰা হৈছে যে অতি সোনকালেই ভাৰতত তাপ প্ৰবাহৰ তীব্ৰতাই চূড়ান্ত সীমা অতিক্ৰম কৰিব। গৰম বতাহে জন জীৱন স্তব্ধ কৰি তুলিব।
Also Read: ৰাজ্যিক পক্ষীৰ সংৰক্ষণ আৰু সুৰক্ষাৰ লক্ষ্যৰে 'দেওহাঁহ অপেন কাৰাটে চেম্পিয়নশ্বিপ'...