ভূমিকম্পই কপাইছে দেশ, কোনো ডাঙৰ বিপদৰ আগজাননী নেকি ?

ভূমিকম্পই কপাইছে দেশ, কোনো ডাঙৰ বিপদৰ আগজাননী নেকি ?

ডিজিটেল ডেস্ক : শেহতীয়াকৈ বহু কেইটা ভূমিকম্পই কপাই গৈছে সমগ্ৰ দেশ । দিল্লী, পঞ্জাৱ, জম্মু-কাশ্মীৰ, অসম সকলোতেই এটাৰ পাছত আনটো ভূমিকম্পই সন্ত্ৰাসৰ সৃষ্টি কৰাৰ উপক্ৰম ঘটিছে ।

ৰবিবাৰে পুৱা ১১ বজাত এটি ৬ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল জম্মু-কাশ্মীৰক । কিন্তু তাৰ পূৰ্বেই শনিবাৰে নিশা প্ৰায় ৪ বজাত অসমৰ তেজপুৰত এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ইয়াৰ প্ৰাবল্য আছিল প্ৰায় ৩.৩ ৰিখটাৰ স্কেল । আনহাতে, ৰবিবাৰে দুপৰীয়া মেঘালয়তো ৩.৬ ৰিখটাৰ স্কেলৰ প্ৰাবল্যৰ আন এক ভূমিকম্প অনুভূত হয় ।

ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰই জনোৱা অনুসৰি, সমগ্ৰ দেশত বিগত ৪৮ ঘন্টাত সমগ্ৰ দেশত সৰ্বমুঠ ৮টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । তাৰ পাছতেই সোমবাৰে, পুৱা ৮.০৩ বজাত প্ৰায় ৪.৪ ৰিখটাৰ স্কেলৰ এক ভূমিকম্পই জোকাৰি যায় অসমক । এই ভূমিকম্পটিৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ ।

উল্লেখ্য যে, বিগত ২৪ ঘন্টাত অসম তথা নিকটৱৰ্তী ৰাজ্যসমূহত সৰ্বমুঠ ৫ টাকৈ ভূমিকম্প অনুভূত হৈছে । সোমবাৰে অহা ভূমিকম্পটোৰ অভিকেন্দ্ৰ শোণিতপুৰ হোৱাৰ বিপৰীতে দুটা পশ্চিম খাচী পাহাৰত আৰু আন দুটা কামেং জিলাৰ দক্ষিণত ।

ৰাষ্ট্ৰীয় ভূমিকম্প কেন্দ্ৰৰ সন্দেহ অনুসৰি, অসমতে শেহতীয়াকৈ দেখা দিয়া সৰু-বৰ ভূমিকম্পৰ কাৰণ প্ৰায় ৩০০ কিলোমিটাৰ অঞ্চলজোৰা কপিলী ফ'ল্ট লাইন হোৱাৰ সম্ভাৱনা আছে ।

ভূমিকম্পই কপাইছে দেশ, কোনো ডাঙৰ বিপদৰ আগজাননী নেকি ?
জলজীৱন আঁচনিৰ অনিয়ম: লখিমপুৰৰ চমুৱাত নিশাই কাম বন্ধ কৰিলে ৰাইজে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in