জলজীৱন আঁচনিৰ অনিয়ম: লখিমপুৰৰ চমুৱাত নিশাই কাম বন্ধ কৰিলে ৰাইজে...

জলজীৱন আঁচনিৰ অনিয়ম: লখিমপুৰৰ চমুৱাত নিশাই কাম বন্ধ কৰিলে ৰাইজে...

ডিজিটেল সংবাদ, বান্দৰদেৱা : যিখন চৰকাৰে অনবৰত দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্লোগান আওৰায় সেইখন চৰকাৰৰ কাৰ্যকালতে কিদৰে চৰম দুৰ্নীতি অনিয়ম অব্যাহত আছে তাৰ এক জলন্ত উদাহৰণ হ'ল জলজীৱন মিছন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জল-জীৱন মিছনৰ কেলেংকাৰীৰ কথা সময়ে সময়ে প্ৰকাশ পাই আহিছে।

কেৱল দিনতেই নহয় নিশাৰ অন্ধকাৰৰ সুযোগ লৈও একাংশ ঠিকাদাৰে ধন লুন্ঠনৰ বাবে কি কৌশল অব্যাহত ৰাখিছে তাৰ এক উদাহৰণ হ'ল বিহপুৰীয়াৰ সমীপৰ বৰবালি চমুৱা গাঁৱত নিৰ্মাণৰত অৱস্থাত থকা জল-জীৱনৰ আঁচনিখন। দেওবাৰৰ নিশা আন্ধাৰৰ সুযোগ লৈ শ্বাটাৰিং কৰা আৰু ঢালাই কৰা কাম ঠিকাদাৰ পক্ষই অব্যাহত ৰখাৰ পিছত ৰাইজে নিশাই কাম বন্ধ কৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।

ৰাইজে এই সন্দৰ্ভত বিহপুৰীয়াস্থিত উপসংমণ্ডল বিষয়াৰ লগত যোগাযোগ কৰে যদিও বিষয়াগৰাকীৰ কথাত ঠিকাদাৰ পক্ষৰ হৈয়ে ওকালতি কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইফালে ৰডৰ প্ৰয়োজনীয় গাঁথনিৰ ক্ষেত্ৰতো ৰাইজে গুৰুত্বৰ আনিছে। নিশা হ'লেও কাম কৰি সোনকালে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ পক্ষ গ্ৰহণ কৰা উপসংমণ্ডল বিষয়াগৰাকীয়ে টেলিফোনত ঠিকাদাৰ পক্ষৰ হৈ ওকালতি কৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

যিখন জিলাত আনন্দ মিশ্ৰৰ দৰে জিলা আৰক্ষী অধীক্ষক এগৰাকী থকাৰ পিছতো এনে অনিয়ম কৰিবলৈ ঠিকাদাৰ পক্ষই কুণ্ঠাবোধ কৰা নাই, তেনেস্থলত এই ঠিকাদাৰ জনৰ প্ৰতিটো কাম পুংখানুপুংখ তদন্ত কৰিলে নিৰ্মাণত অনেক আসোঁৱাহ পোহৰলৈ অহাৰ সম্ভাৱনাও আছে বুলি ৰাইজে ব্যক্ত কৰিছে।

জলজীৱন আঁচনিৰ অনিয়ম: লখিমপুৰৰ চমুৱাত নিশাই কাম বন্ধ কৰিলে ৰাইজে...
তীব্ৰ বেগেই হ'ল নেকি কাল ? নিমিষতে হেৰাই গ'ল ৭ জনকৈ যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in